সত্ৰীয়া সংস্কৃতিৰ সাধক, ঘোষা-কীৰ্তনৰ শিল্পী অচ্যুৎ ওজালৈ শিল্পী পেন্সন

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 4:51 PM IST

thumbnail

বৰপেটা, 17 জানুৱাৰী : শিল্পী দিৱসৰ দিনটোত অসম চৰকাৰে ঘোষণা কৰা শিল্পী পেন্সনৰ তালিকাই সত্ৰনগৰী বৰপেটালৈ আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে ৷ বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ সাধক তথা ঘোষা-কীৰ্তনৰ শিল্পী অচ্যুৎ ওজাই শিল্পী পেন্সন লাভ কৰাৰ বতৰাত উৎফুল্লিত হৈ পৰিছে সত্ৰনগৰী বৰপেটাৰ ৰাইজ ৷

বৰপেটাৰ দক্ষিণহাটীৰ অচ্যুৎ ওজা কৈশোৰ কালৰ পৰাই সত্ৰীয়া সংস্কৃতিৰ সৈতে জৰিত হৈ আহিছে ৷ ঘোষা-কীৰ্তনৰ এগৰাকী শিল্পী হিচাপে আজীৱন সত্ৰীয়া সংস্কৃতিৰে জৰিত অচ্যুৎ পাঠক আজি 80 বছৰ বয়সতো সত্ৰৰ নৈমিত্তিক সেৱাত প্ৰবৃত্ত হৈ আছে ৷ চৰকাৰীভাৱে এনে স্বীকৃতি লাভ কৰি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এয়া ঘোষা-কীৰ্তনৰ প্ৰতি চৰকাৰৰ স্বীকৃতি বুলি প্ৰকাশ কৰে শিল্পীগৰাকীয়ে ৷ উল্লেখ্য যে, আজি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে শিল্পী পেন্সন ৷ 

লগতে পঢ়ক : বৰপেটাত আৰম্ভ জিলা ভিত্তিত সাংস্কৃতিক মহাসংগ্ৰাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.