HSLC results 2022 : শিৱসাগৰৰ অৰীণ ভূঞাই দখল কৰিলে নৱম স্থান

By

Published : Jun 7, 2022, 11:52 AM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

হাইস্কুল শিক্ষান্তক পৰীক্ষাৰ ফলাফল ঘোষণা (HSLC results 2022) হোৱাৰ লগে লগে শিৱসাগৰ জিলাত আনন্দমুখৰ পৰিৱেশ । ৰাজ্যখনৰ ভিতৰতে প্ৰথম দহটা স্থানত শিৱসাগৰ জিলাখনৰ ৬গৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ভিতৰত আছে শিৱসাগৰ নগৰৰ অৰীণ ভূঞা (Arin Bhuyan secure fifth rank in HSLC Exam)। ৯ম স্থান লাভ কৰিবলৈ সক্ষম হোৱা অৰীণ ভূঞা হলী নেম স্কুলৰ ছাত্ৰ । অৰীণৰ সফলতাত আনন্দিত পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজ । অৰীণৰ পিতৃ আৰু মাতৃ পেচাত শিক্ষক । অৰীণে সৰ্বমুঠ ৫৮৯ নম্বৰ পাবলৈ সক্ষম হৈছে । অৰীণে কেনেদৰে পঢ়া-শুনা কৰিছিল ? তেওঁৰ এই সফলতাৰ আঁৰত কোন আছে ? চাও আহক এই সন্দৰ্ভত অৰীণৰ বাসগৃহৰ পৰা আমাৰ সাংবাদিক অনন্ত স্মিথৰ এক প্ৰতিবেদন ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.