জী উঠিল মৃত ওমৰ... হতবাক পৰিয়াল - Strange incident
Buried man comes alive after janaja: মঙলদৈৰ মিছামাৰীত আজৱ ঘটনা ৷ দিনত পৰিয়ালৰ লোক আৰু ৰাইজে মিলি জানাজা দিয়াৰ পিচতে সেই নিশাই ঘৰত আহি উপস্থিত হ’লহি লোকজন ৷

Published : May 28, 2024 at 2:12 PM IST
মঙলদৈ, 28 মে’ : দৰং জিলাৰ মঙলদৈত এক আশ্চৰ্যজনক ঘটনা পোহৰলৈ আহিছে ৷ জী উঠিল এজন মৃত লোক ৷ মৃত লোকজনক ঘৰৰ চোতালত দেখি হতবাক হ’ল পৰিয়ালৰ লোক ৷
এই ঘটনাৰ স্থান হৈছে মঙলদৈ চহৰৰ পৰা দক্ষিণে থকা মিছামাৰী চৰত । দিনত পৰিয়ালৰ লোক আৰু ৰাইজে লগ হৈ ওমৰ আলী নামৰ লোকজনৰ জানাজা দিয়ে, তাৰ পিছতেই সেই নিশাই ঘৰত উপস্থিত হয় মৃত ওমৰ । তাৰ পিচতেই মৃত লোকজনক জীৱিত অৱস্থাত দেখি হাহাকাৰ লাগিল অঞ্চলটোত ৷
ঘটনাৰ বিৱৰণী অনুসৰি যোৱা 22 মে’ৰ পৰা নিৰুদ্দেশ হৈ আছিল মিছামাৰীৰ ওমৰ আলী নামৰ যুৱকজন ৷ তাৰ পিচতে মঙলদৈ থানাত নিৰুদ্দেশ সম্পৰ্কে পৰিয়ালৰ লোকে এখন এজাহাৰ দিছিল । আৰক্ষীয়ে যুৱকজনৰ বিচাৰ খোচাৰ কৰি থকাৰ মাজতে হঠাৎ গাধোৱা চাপৰিত মুখ উৱলি যোৱা অৱস্থাত এটা মৃতদেহ প্ৰত্যক্ষ কৰে মিছামাৰী চৰৰ লোকসকলে ।
লগে লগে উৱলি যোৱা মৃতদেহটো দেখাৰ পিচতে চৰৰ লোকসকলে সেইটো ওমৰৰ মৃতদেহ বুলি সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে লগে লগে মঙলদৈ আৰক্ষীয়েও মৃতদেহটো ওমৰৰে হয় বুলি যাৱতীয় কামসমূহ কৰি মৃতদেহটো পৰিয়ালৰ লোকক গতাই দিয়ে । তাৰ পিছতে পৰিয়ালৰ লোকে মৃতদেহটো চমজি লৈ পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে শনিবাৰে দিনৰ ভাগত জানাজা সম্পন্ন কৰে ।
কিন্তু শনিবাৰেই সকলোকে আচৰিত কৰি জানাজা সম্পন্ন হোৱাৰ পিচতে সোঁশৰীৰে নিজ গৃহত উপস্থিত হয় ওমৰ ৷ তাৰ পিচতে ওমৰে কয় যে আচলতে ওমৰে ঘৰত কাকো নজনোৱাকৈ কামৰ সন্ধানতহে ওলাই গৈছিল । তেওঁ বিগত কেইদিনমান ধৰি এঠাইত কাম কৰি আছিল ৷ কিন্তু ওমৰৰ জানাজা সম্পন্ন হোৱাৰ খবৰ অঞ্চলত বিয়পি পৰাৰ পিচতেই হঠাতেই ওমৰৰ সম্পৰ্কীয় কেইজনমান লোকে ওমৰক এখন বজাৰত প্ৰত্যক্ষ কৰি ঘটনা সন্দৰ্ভত কয় ৷ এই খবৰ শুনি ওমৰে সোঁশৰীৰে নিজ গৃহত উপস্থিত হোৱাৰ পিছত একপ্ৰকাৰৰ হুৱাদুৱা লাগে ৷
লগতে পঢ়ক: খেলমাটি আৰক্ষী চকীত আক্ৰমণৰ ঘটনাত জড়িত পাঁচজনক আটক - Khelmati Police Outpost attack

