ETV Bharat / state

খেলমাটি আৰক্ষী চকীত আক্ৰমণৰ ঘটনাত জড়িত পাঁচজনক আটক - Khelmati Police Outpost attack

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 8:09 AM IST

Attack On Khelmati Out Post : লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত আক্ৰমণৰ ঘটনাৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই ৷ খেলমাটিৰ চান্দমাৰীৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে এই আক্ৰমণৰ ঘটনাত জড়িত আৰু পাঁচজনক আটক কৰিবলৈ সক্ষম হৈছে ৷

Attack On Khelmati Out Post
খেলমাটি আৰক্ষী চকীত আক্ৰমণৰ ঘটনাত জড়িত পাঁচজনক আটক (Etv Bharat ASSAM)

লখিমপুৰ, 28 মে’ : সোমবাৰে নিশা লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত আক্ৰমণৰ ঘটনাৰ লগত জড়িত অন্য পাঁচজন লোকক আটক কৰে লখিমপুৰ আৰক্ষীয়ে । খেলমাটি এলেকাৰ চান্দমাৰী বিভিন্ন স্থানত অভিযান চলাই আটাইকে আটক কৰা হয় । আটকাধীনকেইটাক সম্প্ৰতি সদৰ থানাত সোধপোছ কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ।

খেলমাটি আৰক্ষী চকীত আক্ৰমণৰ ঘটনাত জড়িত পাঁচজনক আটক (ETV BHARAT ASSAM)

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত দুই নাবালকসহ পোন্ধৰজনক গ্ৰেপ্তাৰ কৰিছিল । তেওঁলোকক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । এই ঘটনাত বৰ্তমানলৈকে আৰক্ষীয়ে 20 গৰাকী লোকক কৰায়ত্ত কৰিছে । আৰক্ষী সূত্রে জনোৱা অনুসৰি, এই ঘটনাটোত আৰু অত্যধিক লোক জড়িত হৈ আছে ৷ অনাগত দিনত তেওঁলোকৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব ।

উল্লেখ্য যে, এটি ম’বাইল চুৰিৰ ঘটনাই 22 মে’ত দিনা লংকাকাণ্ডৰ সূচনা কৰিছিল । ম’বাইল চুৰিৰ গোচৰত আটক কৰা আশ্ৰফ আলী নামৰ আচামীটো খেলমাটি আৰক্ষী চকীৰ ভিতৰতে মৃত্যু হোৱা ঘটনাৰ পিচতে উত্তেজিত লোকে আৰক্ষী চকীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিল ৷

খেলমাটি আৰক্ষী চকীৰ সন্মুখত সমবেত শ শ লোকে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাত তেওঁলোকক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠিচালনা, কন্দুৱা গেছ নিক্ষেপ কৰে আৰু বহু পৰিমাণে সফল হয় । কিন্তু পিছ মুহূৰ্ততে উত্তেজিত জনতাই শিলাবৃষ্টি কৰি ওলোটাই আৰক্ষীকহে ছত্ৰভংগ দিয়ে ।

উত্তেজিত লোকসকলে শিল দলিয়াই নিৰাপত্তাৰক্ষীক আক্রমণ কৰাৰ লগতে আৰক্ষী চকী, যান-বাহন আদি ভাঙি-ছিঙি চুৰমাৰ কৰে । শিলৰ আঘাতত আৰক্ষীসহ কেইবাজনো সংবাদকৰ্মী আহত হৈছিল । এনে হিংসাত্মক পৰিস্থিতিৰ পাচত আৰক্ষীয়ে গুলীচালনা কৰি নিয়ন্ত্রণ কৰিবলগীয়া হয় ।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ চাই, ভিডিঅ’ ৰেকৰ্ডিং নাইবা সংবাদ মাধ্যমৰ ভিডিঅ’ৰ জৰিয়তে আক্ৰমণকাৰীসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে । এই পৰ্যন্ত আৰক্ষীয়ে 20 গৰাকী লোকক কৰায়ত্ত্ব কৰিছে যদিও পৰৱৰ্তী সময়ত আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: লখিমপুৰত আৰক্ষীয়ে পৰিয়ালক গতালে আশ্ৰফ আলীৰ মৃতদেহ - Man dies in police custody

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.