আজমলে সহায় কৰিলে নিৰ্বাচন নেখেলে ভূপেন বৰাই !

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 5:06 PM IST

thumbnail

বিহপুৰীয়া, 2 ডিচেম্বৰ : "3 ডিচেম্বৰত প্ৰথম ৰাউণ্ডৰ কাউন্টিং আৰম্ভ হোৱাৰ পিছতেই জিলাই জিলাই বিজয় উৎসৱ আৰম্ভ হ’ব ৷ মই নিশ্চিত যে, বিজেপিৰ ফলাফল শূণ্য হ’ব ৷ কংগ্ৰেছ অতি কমেও চাৰিখনত জিকিব ৷" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ 3 ডিচেম্বৰ দেওবাৰে হ’বলগা চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৷

ইফালে নতুনকৈ গঠিত হোৱা কাজিৰঙা সমষ্টিত ভূপেন বৰাই নিৰ্বাচন খেলিলে বদৰুদ্দিন আজমলে সহায় কৰিব বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভূপেন বৰাই "তেওঁ সহায় কৰিম বুলি ক’লে মই নেখেলিবলৈয়ো আছে" বুলি কয় ৷ ভূপেন বৰাই লগতে কয় যে, কংগ্ৰেছ দল সকলো জাতি-জনগোষ্ঠী, বৰ্ণ, সম্প্ৰদায়, উপজাতি, ধৰ্ম সকলোৰে ওচৰত ঋণী ৷ কাৰণ সকলোৱেই জন্মলগ্নৰে পৰা কংগ্ৰেছক আশীৰ্বাদ দি আহিছে ৷  

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয় "এইবাৰ মুখ্যমন্ত্ৰীয়ে এক্সিট প’ল সন্দৰ্ভত একো নোকোৱাটোৱেই প্ৰমাণ যে তেখেতে পৰাজয় স্বীকাৰ কৰিছে আৰু তেখেতে গম পাইছে যে, এতিয়া তেওঁ ঠিকনা বদলাব লাগিব ৷" 

লগতে পঢ়ক : সংসদৰ শীতকালীন অধিবেশনৰ পূৰ্বে আজি সৰ্বদলীয় বৈঠক সম্পন্ন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.