ETV Bharat / bharat

সংসদৰ শীতকালীন অধিবেশনৰ পূৰ্বে আজি সৰ্বদলীয় বৈঠক সম্পন্ন

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 1:09 PM IST

চলিত বৰ্ষৰ সংসদৰ শীতকালীন অধিবেশন সোমবাৰে আৰম্ভ হ'ব । তাৰ পূৰ্বে শনিবাৰে নতুন দিল্লীৰ সংসদ ভৱনত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় । বৈঠকত শীতকালীন অধিবেশনৰ মূল কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা হয় ।

winter session of Parliament 2023
সংসদৰ শীতকালীন অধিবেশনৰ পূৰ্বে আজি সৰ্বদলীয় বৈঠক সম্পন্ন

নিউজ ডেস্ক, ২ ডিচেম্বৰ : ২০২৩ চনৰ সংসদৰ শীতকালীন অধিবেশনৰ পূৰ্বে শনিবাৰে সংসদৰ পুথিভঁৰাল ভৱনত এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় । সংসদৰ শীতকালীন অধিবেশনৰ কাম-কাজ আৰু কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰিবলৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই বৈঠকখনৰ আহ্বান কৰে । উল্লেখ্য যে চলিত বৰ্ষৰ সংসদৰ শীতকালীন অধিবেশন ৪ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈকে চলিব । এই সময়ছোৱাত ১৫ খন বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

  • #WATCH | Delhi: An all-party meeting is underway at the Parliament Library building, ahead of the winter session of Parliament.

    The winter session of Parliament, 2023 will begin from December 4 and continue till December 22. pic.twitter.com/PSwDtGFyPk

    — ANI (@ANI) December 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সৰ্বদলীয় বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বাণিজ্য মন্ত্ৰী পীয়ূষ গোৱেল, আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীসহিতে অন্যান্য মন্ত্ৰীসকল উপস্থিত থাকে । আনহাতে, কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশ, সাংসদ প্ৰমোদ তিৱাৰী আৰু গৌৰৱ গগৈয়ো বৈঠকত উপস্থিত থাকে । উল্লেখ্য যে সাধাৰণতে পৰম্পৰা অনুসৰি সংসদৰ অধিবেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰা হয় । কিন্তু এইবাৰ অধিবেশনৰ আগদিনা ৩ ডিচেম্বৰত পাঁচখন ৰাজ্যৰ ভোটগণনাৰ বাবে এই বৈঠক এদিন আগুৱাই অনা হয় ।

সৰ্বদলীয়া বৈঠকত ঔপনিৱেশিক যুগৰ অপৰাধ আইনৰ সলনি তিনিখন বিধেয়ককে ধৰি মুখ্য খচৰা আইনৰ ওপৰত সকলো দলৰ নেতাই চিন্তা-চৰ্চা কৰিব বুলি আশা প্ৰকাশ কৰিছে । উল্লেখ্য যে বৰ্তমান সংসদত ৩৭ খন বিধেয়ক অমীমাংসিত হৈ আছে । ইয়াৰ ভিতৰত ১২ খন বিবেচনা আৰু গৃহীত কৰাৰ বাবে তালিকাভুক্ত কৰা হৈছে ।

আনহাতে, উপস্থাপন, বিবেচনা আৰু গৃহীত কৰাৰ বাবে সাতখন বিধেয়ক তালিকাভুক্ত কৰা হৈছে । চৰকাৰে ২০২৩-২৪ বৰ্ষৰ বাবে অনুদানৰ বাবে পৰিপূৰক দাবীৰ প্ৰথম পৰ্যায় দাখিল কৰাৰ পৰিকল্পনা কৰিছে । অধিবেশনৰ সময়ত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে নগদ ধনৰ বিনিময়ত প্ৰশ্ন সোধা অভিযোগ সন্দৰ্ভত নৈতিক সমিতিৰ প্ৰতিবেদনো লোকসভাত উত্থাপন কৰা হ'ব । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, নাৰী সংৰক্ষণ বিধেয়কৰ বিষয়টোও অন্তৰ্ভুক্ত কৰিব পাৰে ।

লগতে পঢ়ক :ডুবাইত জলবায়ু সন্মিলনত অংশগ্ৰহণ কৰি দিল্লীত উপস্থিত প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.