Man missing in Nalbari: পৰকীয়া প্ৰেমৰ বাবে নলবাৰীত বৃদ্ধক পত্নীয়ে হত্যা কৰাৰ অভিযোগ

By

Published : May 15, 2023, 5:25 PM IST

thumbnail

নলবাৰী, 15 মে’ : নলবাৰীৰ বৰবালা চৰত নিৰুদ্দেশ হৈছে এজন বৃদ্ধলোক ৷ ৩ নং বৰবালা চৰৰ পৰা নিৰুদ্দেশ হৈছে লোকজন । মুকালমুৱাৰ চৰাঞ্চলৰ ৩ নং বৰবালা চৰত এতিয়া নিৰুদ্দেশ হোৱাৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Assam missing news) ৷ জানিব পৰা মতে ৩ নং বৰবালা চৰৰ মকছেদ আলী(৬০) নামৰ লোকজন যোৱা ২ মে' তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে । 

লোকজন ২ মে'ৰ নিশা নিজ গৃহৰ পৰা নিৰুদ্দেশ হোৱা বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে । নিৰুদ্দেশ হোৱাৰ সময়ত ঘৰত কেৱল মকছেদ আলী আৰু তেঁওৰ পত্নী থকাৰ কথা ব্যক্ত কৰে পৰিয়াল তথা আত্মীয়ই । নিজ পত্নীয়ে পৰকীয়া প্ৰেমৰ বাবে স্বামী মকছেদ আলীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে (Nalbari missing news) ।

মকছেদ আলীৰ পত্নীৰ একে গাঁৱৰে মতি আলী নামৰ লোকজনৰ মাজত অবৈধ প্ৰেমৰ সম্পৰ্ক থকা বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে । পৰকীয়া প্ৰেমৰ বাবেই মকছেদ আলীক পত্নীয়ে প্ৰেমিক মতি আলীৰ সহযোগত হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে । উক্ত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে শিয়ালমাৰী চৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । লগতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক দাবী জনাইছে । পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে সম্প্ৰতি আৰক্ষীৰ তদন্তৰ সহায়ত প্ৰকৃত ঘটনাৰ উদঘাটন হোৱাটো বিচাৰিছে (an old man goes missing in Nalbari) । 

লগতে পঢ়ক : Balodabazar Accident : ভয়ংকৰ পথ দুৰ্ঘটনাত শিশুসহ 6 গৰাকীৰ মৃত্যু, কেইবাজনো আহত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.