জাপে জাপে ওলাইছে ধন; কিন্তু ক’ত ? - Raid Conducted In Margherita
Raid Conducted In Margherita: ভূগৰ্ভস্থ হোৱা তিনি কয়লা শ্ৰমিকৰ তদন্তত নাম সাঙোৰ খোৱা ব্যৱসায়ী ৰণ লুংচাং বাসগৃহত আৰক্ষীৰ অভিযান । প্ৰায় ৩০ ঘন্টা ধৰি চলা এই অভিযানত আৰক্ষীয়ে জব্দ ২ কোটি ৯৮ লাখ টকা জব্দ কৰে ৷

Published : May 28, 2024 at 1:49 PM IST
তিনিচুকীয়া, ২৮ মে’: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এজন কয়লা ব্যৱসায়ীৰ ঘৰত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ তথা মাৰ্ঘেৰিটা আৰক্ষীয়ে সোমবাৰে পুৱতি নিশা ২ পৰা অভিযান চলাই বৃহৎ পৰিমাণৰ ধন জব্দ কৰিবলৈ সক্ষম হয় ৷ কয়লা ব্যৱসায়ী "ৰণ লুংচাং" নামৰ ব্যৱসায়ীজনৰ বিলাসী ঘৰত চলোৱা হয় এই অভিযান ৷ অৱশ্যে অভিযান সময়ত আৰক্ষী আৰু প্ৰশাসনৰ চকুত ধূলি মাৰি ৰণ লুংচাঙে পলায়ন কৰিবলৈ সক্ষম হয় যদিও অভিযানকাৰী দলে তেওঁৰ বাসগৃহৰ পৰা ২কোটি ৯৮ লাখ টকা জব্দ কৰে ৷
ৰণ লুংচাঙৰ বাসগৃহটো ইমানেই বিলাসী যে গা ধোঁৱা কোঠাটো শীততাপ নিয়ন্ত্ৰিত ৷ বাসগৃহৰ এটা কোঠাতেই উদ্ধাৰ হোৱা টকাখিনি হিচাপ কৰোতেই আৰক্ষীৰ সময় লাগিল কেইবা ঘণ্টাও ৷ এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মাৰ্ঘেৰিটা মহকুমা আৰক্ষীয়ে পুৱতিনিশা ব্যৱসায়ীজনৰ ঘৰত এই অভিযান চলাইছিল ৷
লগতে পঢ়ক: মন্ত্ৰীৰ পিএৰ ঘৰত কাম কৰা লোকৰ পৰা উদ্ধাৰ ২৫ কোটি টকা - ED raid in Ranchi
ৰণ লুংচাঙৰ লিডুৰ টিকক অঞ্চলত থকা বাসগৃহত মঙলবাৰৰ পুৱা প্ৰায় ৮ বজাৰ পৰ্যন্ত চলে এই অভিযান ৷ লিডু টিকক ৱেষ্ট মাইনিঙৰ অবৈধ কয়লা খনিত জীৱন্তে ভূগৰ্ভস্থ হোৱা তিনিজন কয়লা শ্ৰমিক মৃত্যুৰ ঘটনাৰ সৈতে এই ব্যৱসায়ীজন জড়িত থকাৰ যোগসূত্ৰ লাভ কৰিছিল আৰক্ষীয়ে আৰু তাৰ পাচতে মাৰ্ঘেৰিটা আৰক্ষীৰ এটা বৃহৎ দলে বাসগৃহটোত অভিযান চলায় ৷
উক্ত তিনি শ্ৰমিক ভূগৰ্ভস্থ হোৱা অবৈধ কয়লা খনিটো ৰণ লুংচাংৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ বৰ্তমান ৰণ লুংচাং পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷
ইফালে, লিডুৰ টিকক কলিয়ৰীৰ অন্তৰ্গত বৰগোলাই-নামদাঙৰ মাজত থকা টিকক ৱেষ্ট মাইনিঙত অবৈধভাৱে গঢ়ি তোলা এটা আণ্ডাৰ গ্ৰাউণ্ড মাইনিঙত নিশা কয়লা খনন কৰিবলৈ গৈ জীৱন্তে ভূগৰ্ভস্থ হোৱা তিনি শ্ৰমিকৰ সন্ধানত আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত কিছু বাধাৰ সৃষ্টি হৈছে যদিও উদ্ধাৰ অভিযানৰ বাবে ইতিমধ্যে বিশেষ দল ঘটনাস্থলীত উপস্থিত হোৱা বুলি মাৰ্ঘেৰিটা মহকুমাৰ আৰক্ষী বিষয়াগৰাকীয়ে অৱগত কৰে ৷

