Corruption in PDS: ধেমাজিত ৰাজহুৱা বিতৰণ ব্যৱস্থাত অনিয়মৰ অভিযোগ; যোগান বিভাগৰ কাৰ্যালয় ঘােৰাও

By

Published : Aug 20, 2023, 8:40 AM IST

thumbnail

ধেমাজি, 20 আগষ্ট : ধেমাজিত ৰাজহুৱা বিতৰণ ব্যৱস্থাত ব্যাপক অনিয়মৰ অভিযোগ ৷ দৰিদ্ৰ উপভোক্তা ৰাইজৰ নামত আৱন্টন হোৱা চৰকাৰী সুলভ মূল্যৰ চাউল সময়মতে বিতৰণ নকৰি বিপদত পৰিছে ধেমাজি জীয়াঢল সমবায় সমিতিৰ এজেন্ট টংকেশ্বৰ বৰা ৷ এই অভিযোগ ধেমাজি জীয়াঢল সমবায় সমিতিৰ অধীনৰ পাঁচ আলিৰ নাথ গাঁওবাসীৰ ৷

অভিযোগ অনুসৰি, ধেমাজি জীয়াঢল সমবায় সমিতিৰ অধীনৰ পাঁচ আলিৰ নাথ গাঁৱৰ প্ৰায় শতাধিক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা উপভোক্তা ৰাইজে বিগত 2/3 মাহে পোৱা নাই চৰকাৰী চাউল ৷ তদুপৰি চাউল বিতৰণ কৰোতে প্ৰত্যেকৰে নামত ধেমাজি জীয়াঢল সমবায় সমিতিৰ এজেন্ট টংকেশ্বৰ বৰাই আধা কেজিৰ পৰা এক কেজি পৰ্যন্ত কমাই দিয়ে চাউল ৷ ফলত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে পাঁচ আলিৰ নাথ গাঁৱৰ ৰাইজে ৷

সেয়ে উপায়ন্তৰ হৈ শনিবাৰে বিয়লি গাঁৱৰ ৰাইজে ধেমাজি জিলা উপায়ুক্তৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যালয়ত সমবেত হৈ এজেন্টগৰাকীৰ বিৰুদ্ধে দাখিল কৰে অভিযোগ ৷ লগতে তেওঁলোকে দাবী তোলে যে বিভাগীয় বিষয়াই সলনি কৰি দিব লাগে ধেমাজি জীয়াঢল সমবায় সমিতিৰ এজেন্টক ৷

লগতে পঢ়ক : BJP Joining Program: টিংখাঙত অজাপ এৰি বিজেপিত যোগদান শতাধিক লোকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.