BJP Joining Program: টিংখাঙত অজাপ এৰি বিজেপিত যোগদান শতাধিক লোকৰ

By

Published : Aug 19, 2023, 10:23 PM IST

thumbnail

ডিব্ৰুগড়,19 আগষ্ট: ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ তুংগত উঠিছে যোগদানৰ ৰাজনীতি ৷ লোকসভা নিবাৰ্চনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলে দলীয় ভেঁটি শক্তিশালী কৰাৰ বাবে তৎপৰ হৈছে । ইয়াৰ মাজতে শনিবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙত অনুষ্ঠিত হ'ল ভাৰতীয় জনতা পাৰ্টীৰ যোগদান কাৰ্যসূচী । টিংখাঙৰ নাচনী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং নাচনী চুমনী পথাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়া ।

মন্ত্ৰীগৰাকীৰ উপস্থিতিত অঞ্চলটোৰ অসম জাতীয় পৰিষদৰ লগতে অন্যান্য দলৰ পৰা কেইবা শতাধিক কৰ্মকৰ্তাই বিজেপিত যোগদান কৰে। যোগদান কাৰ্যসূচীৰ পাচত মন্ত্ৰী বিমল বৰাই কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদৰে সকলোকে লগত লৈ উন্নয়ন মূলক কাম কৰিছে তাৰ প্ৰতি আকৰ্ষিত হৈ এই সকল ৰাইজে আজি বিজেপি দলত যোগদান কৰিছে ।’’

লগতে পঢ়ক:Dehing Patkai National Park: অইল ইণ্ডিয়াৰ পাইপে বিপদ মাতিছে পূৱৰ আমাজনলৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.