Dehing Patkai National Park: অইল ইণ্ডিয়াৰ পাইপে বিপদ মাতিছে পূৱৰ আমাজনলৈ

By

Published : Aug 19, 2023, 8:50 PM IST

thumbnail

ডিব্ৰুগড়,19 আগষ্ট: পূৱৰ আমাজনলৈ ভাবুকি কঢ়িয়াইছে অইল ইণ্ডিয়াই ৷ কিয়নো দিহিং পাটকাই নগাজানত অইল ইণ্ডিয়া লিমিটেডৰ পাইপে ভাবুকি কঢ়িয়াই আনিছে জৈৱ বৈচিত্ৰলৈ ৷ কাৰণ গেছ আৰু খাৰুৱা তেল পৰিবাহী পাইপ লাইনত প্ৰচণ্ড শব্দৰে অহৰহ গতিত নিৰ্গমন হৈছে প্ৰাকৃতিক গেছ । বিভিন্ন স্থানত গেছ নিৰ্গমণৰ ঘটনা সংঘটিত হোৱাৰ পিচতেই আতংকিত হৈছে স্থানীয় ৰাইজ । দিহিং পাটকাইৰ দাঁতিৰ নগাজানত গেছ নিৰ্গমনৰ ফলত বৃহত্তৰ অঞ্চলটোত উৎকট দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে ।

স্থানীয় ৰাইজে গেছ নিৰ্গমন বন্ধ কৰিবলৈ অইল কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন জনাই আহিছে যদিও এই পৰ্যন্ত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই অইল কৰ্তৃপক্ষই । সেয়ে যিকোনো মুহূৰ্তত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভৱনাই দেখা দিছে । অইল ইণ্ডিয়া কৰ্তৃপক্ষই পুৰণি পাইপসমূহ মেৰামতি নকৰাকৈ গেছ আৰু তেল সৰবৰাহ কৰি থকা বাবেই এই ঘটনা সংঘটিত হৈছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ আনহাতে অহৰহ গেছ নিৰ্গমন হৈ থকাৰ ফলত অগ্নিকাণ্ড সংঘটিত হ'লে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্য শেষ হৈ পৰিব বুলি আশংকা কৰিছে ৰাইজে ৷

লগতে পঢ়ক:Suicide at Buridihing Bridge: বুঢ়ীদিহিঙত জাঁপ দি আত্মহনন যুৱকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.