Scam in MGNREGA : চৰকাৰী আঁচনিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 5:19 PM IST

thumbnail

কলিয়াবৰ, 2 নৱেম্বৰ : কলিয়াবৰৰ পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তত চৰকাৰী আঁচনিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ ৷ শেহতীয়াকৈ নিজ বৰভগীয়া পঞ্চায়তত এনে অনিয়মৰ অভিযোগ উঠিছে ৷ নিজ বৰভগীয়া পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ জৰিয়তে কৰা উন্নয়নমূলক কামত শ্ৰমদান কৰিলে জব কাৰ্ডৰ হিতাধিকাৰীসকলে নাপায় ধন ৷

বিজেপিৰ দখলত থকা নিজ বৰভগীয়া পঞ্চায়তৰ প্ৰতিনিধিয়ে এমজিএনৰেগা আঁচনিৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ ৷ এমজিএনৰেগা আঁচনিৰ জৰিয়তে নিজ বৰভগীয়া পঞ্চায়তৰ প্ৰতিনিধিয়ে ৰৌমাৰী গাঁৱত এবছৰৰ পূৰ্বে নিৰ্মাণ কৰিছিল এটি পথ ৷ কিন্তু এবছৰে সম্পূৰ্ণ নহ'ল পথটো ৷ পথটো নিৰ্মাণৰ পূৰ্বে স্থাপন কৰিছিল এখন ফলক ৷ কিন্তু ফলকত নাই আঁচনিখনৰ কোনো তথ্য ৷  

জব কাৰ্ডৰ হিতাধীকাৰি সকলৰ জৰিয়তে কৰা হৈছিল পথটো নিৰ্মাণৰ কাম ৷ কাম কৰালে ঠিকেই কিন্তু জব কাৰ্ডৰ হিতাধীকাৰিসকলে নাপালে মজুৰি ৷ মজুৰি নাপায় জব কাৰ্ডৰ হিতাধিকাৰীসকলে ক্ষোভ প্ৰকাশ কৰিলে সংবাদ মাধ্যমৰ আগত ৷ পঞ্চায়ত প্ৰতিনিধিৰ ওচৰলৈ প্ৰাপ্য মজুৰি বিচাৰি গ'লে বিভিন্ন অজুহাত দেখুৱাই গা-এৰা মন্তব্য দি প্ৰতিবাৰেই ওভতাই পঠোৱাৰ অভিযোগ হিতাধিকাৰীসকলৰ ৷ 

লগতে পঢ়ক : গেৰুৱা হোৱাৰ দিশে মৰিয়নী পৌৰসভা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.