আদৰ্শ গমাৰিগুৰি গাঁও পঞ্চায়তত প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত জবকাৰ্ড হিতাধিকাৰী

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 6:01 PM IST

thumbnail

গোলাঘাট, 18 নৱেম্বৰ : গোলাঘাটত ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ জবকাৰ্ড হিতাধিকাৰীসকলক লৈ ল'ৰা ধেমালি আদৰ্শ গমাৰিগুৰি গাঁও পঞ্চায়ত কৰ্তৃপক্ষৰ ৷ বিভাগীয় কৰ্মচাৰীৰ অৱহেলাৰ বাবে মাহ মাহ ধৰি শ্ৰম কৰিও প্ৰাপ্য মজুৰি পাবলৈ সক্ষম হোৱা নাই পঞ্চায়ত এলেকাটোৰ জবকাৰ্ড হিতাধিকাৰী সকলে ৷

এনৰেগা আঁচনিৰ ববী শইকীয়া নামৰ এগৰাকী গ্ৰাম্য ৰোজগাৰ সেৱিকাৰ চূড়ান্ত অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবেই হিতাধিকাৰীসকল প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ গাঁও পঞ্চায়তখনৰ প্ৰায় শতাধিক জবকাৰ্ড শ্ৰমিকে চাৰিমাহ পূৰ্বেই 90 দিন পৰ্যন্ত কৰ্মদিন সম্পন্ন কৰিছে যদিও ৰোজগাৰ সেৱিকা ববী শইকীয়াই আজি পৰ্যন্ত মজুৰিৰ বাবে বিভাগলৈ আবেদন নজনালে ৷

ইফালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা বহু হিতাধিকাৰীয়েও একে কাৰণতেই জবকাৰ্ডৰ মজুৰি বৰ্তমানেও লাভ কৰা নাই ৷ মজুৰি বঞ্চিত জবকাৰ্ড শ্ৰমিকসকলে প্ৰাপ্য মজুৰি বিচাৰি গাঁও পঞ্চায়ত কাৰ্যলয়লৈ গৈ এতিয়া একপ্ৰকাৰ ভাগৰুৱা হৈ পৰিছে ৷ আনহাতে কৰ্মদিনৰ সময়চোৱাত শ্ৰমিকসকলৰ জবকাৰ্ডত কোনো ধৰণৰ খতিয়ানৰ ব্যৱস্থা নকৰে পঞ্চায়তখনৰ বিভাগীয় কৰ্মচাৰীসকলে ৷

জবকাৰ্ডত উপস্থিতিৰ হিচাপ ৰখাৰ পৰিবৰ্তে কেৱল কৰ্মদিনত মোবাইলত ফটোগ্ৰাফ লৈয়েই দায়িত্ব সামৰিছে বিভাগীয় কৰ্মচাৰীসকলে ৷ যাৰ বাবে এতিয়া প্ৰাপ্য মজুৰি বিচাৰিবলৈ গৈও প্ৰমাণৰ অভাৱত বিপদত পৰিছে শ্ৰমিকসকল ৷ পঞ্চায়ত এলেকাটোৰ দৰিদ্ৰ শ্ৰমিকসকলৰ মজুৰি অনতিপলমে মোকলাই দিয়াৰ লগতে কৰ্মত গাফিলতি কৰা কৰ্মচাৰীসকলৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে শ্ৰমিকসকলে অন্যথা প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক : জৰাজীৰ্ণ বাঁহৰ দলেঙৰ বাবে যমৰ যাতনা ৰাইজৰ, কাণসাৰ নাই জনপ্ৰতিনিধিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.