কণমানি ছাত্ৰক প্ৰহাৰ কৰাক লৈ শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল - Teacher beating student - TEACHER BRUTALLY BEATEN STUDENT

🎬 Watch Now: Feature Video

thumbnail
ছাত্ৰক প্ৰহাৰ কৰাক লৈ শিক্ষকৰ বিৰুদ্ধে এজাহাৰ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 13, 2024 at 6:46 PM IST

1 Min Read
Choose ETV Bharat

নলবাৰী, 13 জুন : নলবাৰীত শিক্ষকৰ বিৰুদ্ধে ছাত্ৰক নিষ্ঠুৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ ৷ নলবাৰীৰ মুকালমুৱাৰ ৰামপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰক বিদ্যালয়ৰে এজন শিক্ষকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ৰামপুৰৰ ব্ৰাইট ষ্টাৰ ইংলিছ একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰক অতি বৰ্বৰভাৱে প্ৰহাৰ কৰা অভিযোগ উত্থাপন হৈছে শিক্ষক দিগন্ত বৈশ্যৰ বিৰুদ্ধে ৷

ছাত্ৰজনে বেঞ্চত লিখাৰ অপৰাধতে তেওঁক শিক্ষকজনে বৰ্বৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ কৰিছে পৰিয়ালে ৷ শিক্ষকজনৰ প্ৰহাৰত ছাত্ৰজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আহত ছাত্ৰজনক পৰিয়ালৰ লোকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ ঘটনা সংঘটিত কৰিয়ে শিক্ষকজনে বিদ্যালয়ৰ পৰা পলায়ন কৰে বুলি জানিবলৈ দিছে ছাত্ৰজনৰ অভিভাৱকে ৷ ইফালে ভুক্তভোগী ছাত্ৰগৰাকীৰ পৰিয়ালে ঘটনাৰ উচিত ন্যায় বিচাৰি দৌলাশাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷
 
লগতে পঢ়ক : ছাত্ৰ-ছাত্ৰীৰে ভৰি থকা বিদ্যালয়ত হঠাৎ ওলমিল তলা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details