মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ-ছাত্ৰীক খুৱালে গেলা কণী : তাৰ পিচত হাহাকাৰ - MID DAY MEAL SCAM - হালোৱাটিং প্ৰাথমিক বিদ্যালয়

🎬 Watch Now: Feature Video

thumbnail
মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ-ছাত্ৰীক খোৱালে গেলা কণী... তাৰ পিচত হাহাকাৰ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 13, 2024 at 6:57 PM IST

1 Min Read
Choose ETV Bharat

আমগুৰি, ১৩ জুন : ৰাজ্যৰ সমাজ কল্যাণ বিভাগে বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন আঁচনিৰ যোগেদি শিশুক পুষ্টিকৰ আহাৰৰ যোগান ধৰাৰ সময়তে আমগুৰিত এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক গেলা কণী খুওৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বৃহস্পতিবাৰে আমগুৰি শিক্ষাখণ্ডৰ অধীনস্থ হালোৱাটিং চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজনত কণী খাবলৈ দিছিল । কিন্তু ছাত্ৰ-ছাত্ৰীয়ে কণী খোৱাৰ পিচতে কণীকেইটা গেলা বুলি ওলাই পৰে ৷ ফলত বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ছাত্ৰ-ছাত্ৰীক গেলা কণী খুওৱাক লৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে অভিভাৱকসকলে বিদ্যালয়ৰ প্ৰধান শিক্ষকক জবাবদিহি কৰে । বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ক্ষোভিত হৈ উঠে অভিভাৱকসকল । গেলা কণী খোৱাৰ পিচতে একাংশ ছাত্ৰ-ছাত্ৰীৰ শৌচ,বমি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ৷ উত্তেজিত লোকসকলে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীক নিলম্বন কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক: শিক্ষাৰ্থীৰ মুখৰ ভাত কাঢ়ি খোৱাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে - mid day meal SCHEME

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details