ভূমি পট্টা লাগে : পাঁচ শতাধিক চাহ শ্ৰমিকৰ প্ৰতিবাদে কঁপালে কলিয়াবৰ - Protest for Land patta
Demand for land patta: দীৰ্ঘদিনে বাস কৰি অহা মাটিত বিজেপিৰ নেতাই পুখুৰী খন্দাৰ লগতে গাহৰি ফাৰ্ম খোলা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই পৰিল কলিয়াবৰৰ চাহ শ্ৰমিক ৷ ভূমি পট্টা বিচাৰি প্ৰায় পাঁচ শতাধিক চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৷

Published : June 13, 2024 at 7:44 PM IST
কলিয়াবৰ, 13 জুন: ভূমিপট্টাৰ দাবীত কলিয়াবৰত তীব্ৰ প্ৰতিবাদ । অসম চাহ জনজাতি ছাত্ৰসন্থা নগাঁও জিলা সমিতি আৰু নগাঁও শাখাৰ উদ্যোগত কলিয়াবৰ তিনিআলিত প্ৰতিবাদ । পাঁচ শতাধিক চাহ জনগোষ্ঠী ৰাইজে বাহিৰ কৰে প্ৰতিবাদী সমদল । নগাঁও জিলাৰ চৌৰাল্লিশখন বাগানৰ চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হ’ল কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰাংগণ ।
অসম চৰকাৰৰ পৰা ভূমিপট্টা বিচাৰি তথা বিজেপিৰ দুই নেতাই ভোগ দখল কৰি থকা আৰু সত্ৰৰ ভূমি বেদখল কৰাসকলৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে অসম চাহ মজদুৰ সন্থাৰ নগাঁও শাখা ।
অসমত দুশ বছৰীয়া ইতিহাস থকা চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিপট্টা প্ৰদান নকৰি তেওঁলোকক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । লগতে দক্ষিণপাট সত্ৰৰ নাম লৈ সত্ৰৰ প্ৰতিনিধি আৰু কলিয়াবৰ বিজেপিৰ দুই নেতাই কলিয়াবৰৰ হাতীমূৰাৰ তপাহোলা, গৌড়বস্তি, কেৰিবাকৰি, পিয়বস্তি, কলঙৰ কাষৰীয়া অঞ্চলত বছৰ বছৰ ধৰি বসবাস কৰা চাহ জনগোষ্ঠীৰ লোকসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে ।
কলিয়াবৰ তিনিআলিত দুঘণ্টা ধৰি চলা আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সমস্যাৰ সমাধান বিচাৰি মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰে আটছা আৰু চাহ মজদুৰ সংঘই ।
এগৰাকী চাহ শ্ৰমিক নেতাই কয় যে শ্ৰমিক ৰাইজে দুশ বছৰ ধৰি এই মাটিত বসতি কৰি আছে ৷ বিজেপি চৰকাৰ অহাৰ পিচতেই কেইজনমান নেতাই সেই মাটিত পুখুৰী, গাহৰি ফাৰ্ম আদি পাতিছে ৷ ফলত চাহ শ্ৰমিকসকলে আশ্ৰয়ৰ নিৰাপত্তাত ভুগিছে ৷ সেয়ে চৰকাৰক অতিশীঘ্ৰে ভূমি পট্টা প্ৰদানৰ বাবে দাবী জনাই নেতাগৰাকীয়ে ৷ অন্যথা পৰৱৰ্তী সময়ত ইয়াতকৈ অধিক জংগী আন্দোলন গ্ৰহণ কৰা হ’ব ৷ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ নাম লৈ এই মাটি অধিকাৰ কৰিব খোজা হৈছে যদিও সত্ৰাধিকাৰে শ্ৰমিকসকলক এই মাটিতে ভোগ দখল কৰি থাকিবলৈ কৈ আহিছে ৷ এইক্ষেত্ৰত ন্যায় কৰিবলৈ চৰকাৰক আহ্বান জনাই চাহ শ্ৰমিক নেতাগৰাকীয়ে ৷
লগতে পঢ়ক: চাৰি বছৰত নিৰ্মাণ নহ'ল দলঙৰ এটাও খুঁটা, দলং বিচাৰি আছুৰ প্ৰতিবাদ - AASU protest

