Scam in erosion protection : লালী নদীৰ খহনীয়া প্ৰতিৰোধৰ নামত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 8:54 PM IST

thumbnail

জোনাই, 13 নৱেম্বৰ: মিচিং স্বায়ত্তশাসিত পৰিষদৰ 7 নং চিমেন চমকং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অপ্সৰাত লালী নদীৰ খহনীয়া প্ৰতিৰোধৰ নামত 30 লাখ টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা এখন আঁচনিত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ 

অভিযোগ মতে জোনাইৰ চমকং পঞ্চায়তৰ অন্তৰ্গত অপ্সৰাত অব্যাহত থকা লালী নদীৰ ভয়ংকৰ খহনীয়া প্ৰতিৰোধৰ বাবে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ 7 নং চিমেন চমকং পৰিষদীয় সমষ্টিৰ পুজিৰ দ্বাৰা প্ৰায় 30 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় পকী পাৰ্কু পাইন স্থাপন কৰাৰ আঁচনি ৷

কিন্তু এই আঁচনিখনৰ অধীনত অতি নিম্নমানদণ্ডৰ কাম কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ অতি নিম্নমানদণ্ডৰে নিৰ্মাণ কাৰ্য চলাই আঁচনিৰ ধন মোকলাই অপব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ একেদৰে 7 নং পৰিষদীয় সমষ্টিটোৰ অন্তৰ্গত কেইবাখনো আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : Protest in Morigaon:পটুৱাকাটাত অংগনৱাড়ী কেন্দ্ৰত ৰাইজে ওলোমালে তলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.