AACSU conference: ধনশিৰি মহকুমাত অনুষ্ঠিত হ’ব সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন

By

Published : Aug 12, 2023, 10:33 PM IST

thumbnail

সৰুপথাৰ, ১২ আগষ্ট: সদৌ অসম চুতীয়া ছাত্ৰ-সন্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব ২০২৪ চনৰ জানুৱাৰী মাহত ধনশিৰি মহকুমাত ৷ এই সন্দৰ্ভত সৰুপথাৰৰ ইকৰানি শংকৰ সংঘ নামঘৰৰ প্ৰাঙ্গনত দেওবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । পূৰ্বে ৰাজহুৱা সভা অনুষ্ঠিত কৰি কেন্দ্ৰীয় কাৰ্যনিবাহকে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতে সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ সিদ্ধেশ্বৰ বৰাক উদযাপন সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰি উদযাপন সমিতি গঠন কৰা হয় ।  

দেওবাৰে ইকৰানি শ্ৰীমন্ত শংকৰ সংঘ নামঘৰত দ্বিতীয়খন ৰাজহুৱা সভা অনুষ্ঠিত কৰি অধিৱেশনখন সাফল্যমণ্ডিত কৰাত সহায় হোৱাকৈ ২০ খনৰো অধিক উপসমিতি গঠন কৰা হয় । তদুপৰি তেওঁলোকৰ যি জনজাতিকৰণৰ অধিকাৰৰ বাৰ্তা এই অধিৱেশনৰ যোগেদি প্ৰেৰণ কৰিব বুলি জনায় ।  

এই সভাত উপস্থিত থাকে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, সম্পাদক ৰাজু চুতীয়া, ধনশিৰি মহকুমাৰ কেইবাজনো জ্যেষ্ঠ ব্যক্তি, ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ বিষয়বীয়াসকলৰ লগতে শতাধিক লোক ৷ এই অধিৱেশনৰ যোগেদি তেওঁলোকে অসমবাসীলৈ এক বাৰ্তা প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে ৷  

লগতে পঢ়ক: Pradip Hazarika resigns from AGP: ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিলে অগপ বিধায়ক প্ৰদীপ হাজৰিকাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.