Agniveer in Dibrugarh: মৰাণত দুই শতাধিক অগ্নিবীৰৰ শাৰীৰিক অনুশীলন শিবিৰ

By

Published : Aug 2, 2022, 1:49 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ আঁচনিখন ঘোষণা কৰাৰ পিছতেই দেশৰ বিভিন্ন প্ৰান্তত আন্দোলন হোৱাৰ বিপৰীতে ডিব্ৰুগড়ৰ মৰাণৰ তিলৈনগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুই শতাধিক অগ্নিবীৰক শাৰীৰিক অনুশীলন কৰোৱাৰ দৃশ্য পৰিলক্ষিত হৈছে ৷ দেশমাতৃৰ সেৱাৰ উদ্দেশ্য আগত ৰাখি অগ্নিবীৰত যোগ দিবলৈ কেইবাশতাধিক যুৱক-যুৱতীয়ে গ্ৰহণ কৰিছে প্ৰশিক্ষণ (Agniveer training in Dibrugarh) ৷ ১১৫ নং মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ (MLA Chakradhar Gogoi) উদ্যোগত আৰু যুৱ মৰ্চাৰ খোৱাং মণ্ডল লগতে ভাৰতীয় সেনাবাহিনীৰ সহযোগত তিলৈনগৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত সোমবাৰৰ পৰা চাৰি দিনীয়াকৈ অনুষ্ঠিত হৈছে এই বিশেষ শাৰিৰীক প্ৰশিক্ষণ শিবিৰ ৷ মৰাণৰ বিভিন্ন প্ৰান্তৰ যুৱক- যুৱতী সকলক একত্ৰিত কৰি তেওঁলোকক অগ্নিপথ আঁচনিৰ (Agnipath shceme) প্ৰাক নিযুক্তিৰ বাবে শাৰীৰিক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ১ আগষ্টৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰ ৪ আগষ্টত অন্ত পৰিব । এই কাৰ্যসূচীত আৰক্ষীৰ লগতে ভাৰতীয় সেনাৰ অভিজ্ঞ প্ৰশিক্ষক সকলে প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ প্ৰশিক্ষণ কাৰ্যসূচীত স্থানীয় যুৱক যুৱতী সকলৰ উৎসাহ আৰু প্ৰদৰ্শনক লৈ যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে বিধায়ক চক্ৰধৰ গগৈৰ লগতে উদ্যোক্তাসকলে ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.