Abhiruchi Sports day: ধনশিৰি কচিং চেণ্টাৰৰ সৌজ্যনত সৰুপথাৰত অভিৰুচি ক্ৰীড়া দিৱস পালন

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 11:21 AM IST

thumbnail

সৰুপথাৰ, 3 ছেপ্টেম্বৰ : আজি অভিৰুচি ক্ৰীড়া দিৱস ৷ এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা তথা অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যতে আজি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্ততৰ লগে সৰুপথাৰৰ  ধনশিৰি মহকুমাতো পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস ৷  

ধনশিৰি কচিং চেন্টাৰৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি কুশল কোঁৱৰ ষ্টেডিয়ামৰ পৰা সৰুপথাৰ নগৰলৈ সামূহিক দৌৰ অনুষ্ঠিত কৰা হয় ৷ শতাধিক কণ কণ প্ৰশিক্ষাৰ্থীসকলে সামূহিক দৌৰত অংশ গ্ৰহণ কৰে ৷ উল্লেখ্য যে ২০২১ চনত প্ৰতিষ্ঠা লাভ কৰা ধনশিৰি কচিং চেন্টাৰে কণ কণ প্ৰশিক্ষাৰ্থীসকলক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই বিভিন্ন সময়ত প্ৰতিযোগিতামূলক খেল অনুষ্ঠিত কৰি আহিছে ।

লগতে পঢ়ক:Woman missing in Uriamghat: আজি পৰ্যন্ত সম্ভেদ নোলাল উৰিয়ামঘাটৰ সংগীতা চাওৰ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.