AAMSU protest in Guwahati:সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে চচলত আমছুৰ ধৰ্ণা

By

Published : Jul 12, 2023, 6:38 PM IST

thumbnail

গুৱাহাটী,১২ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ সন্তুষ্ট নহয় আমছুৰ নেতৃবৃন্দ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপিত ভাৰতৰ নিৰ্বাচন আয়োগে পক্ষপাতমূলকভাৱে এই খচৰা প্ৰস্তুত কৰি ৰাজনৈতিক ভাবে বিভিন্ন জাতি-জনগোষ্ঠীক ভাগ ভাগ কৰাৰ অভিযোগ উত্থাপন কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰে সদৌ অসম সংঘালঘু ছাত্র ইউনিয়ন চমুকৈআমছুৱে ।

নিৰ্বাচন আয়োগৰ এই খচৰা আসোঁৱাহপূর্ণ তথা খিলঞ্জীয়া মুছলমানকে ধৰি বিভিন্ন জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ তুলি চচলৰ ধৰ্ণাস্থলীত বুধবাৰে প্ৰতিবাদত বহিল আমছু নেতৃবৃন্দ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা  শতাধিক আমছু কৰ্মী সমৰ্থকৰ উপস্থিতিত প্ৰতিবাদকাৰীসকলে 'নিৰ্বাচনী আয়োগে সাংবিধানিক স্বতন্ত্ৰতা বজাই ৰাখক,সমষ্টি সীমা পুনৰ নিৰ্ধাৰণ খচৰা বাতিল কৰক,সংঘালঘু বিৰোধী ষড়যন্ত্র বন্ধ কৰক,সমষ্টি সীমা পুনৰ নিৰ্ধাৰণক লৈ ৰাজনীতি কৰা নচলিব' আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । উল্লেখ্য যে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ খচৰা বাতিল কৰাৰ দাবীত অহা ২৯ জুলাইত দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ কৰিব আমছুৱে ।

লগতে পঢ়ক:Constituency Delimitation: কেইবাটাও সমষ্টিৰ নাম সলনি কৰাৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ; দৰং হ’ব ভৈৰৱকুণ্ড, গুৱাহাটী হ’ব প্ৰাগজ্যোতিষপুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.