Orang National Park: ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ চৰ এলেকাত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা একাংশৰ, প্ৰশাসনৰ সকীয়নি

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 10:55 PM IST

thumbnail

মৰিগাঁও, 22 অক্টোবৰ : মৰিগাঁও জিলাৰ সীমান্তৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ জাতিয়াবৰি চৰ এলেকাত দেওবাৰে অবৈধভাৱে নাওসহ প্ৰৱেশৰ চেষ্টা একাংশ লোকৰ ৷ মৰিগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মা আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে এনে পদক্ষেপ নল'বলৈ সকিয়াই দিয়ে এই লোকসকলক ৷ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে বিষয়টো কোনো কাৰণতে আইনসংগত নহয় আৰু এনে কাৰ্যই তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আনিব বুলি বুজনি দিয়াত তেওঁলোকে বিষয়টোৰ গুৰুত্ব বুজি এনে কাম নকৰিবলৈ সৈমান হয় ৷

উল্লেখযোগ্য যে 21 অক্টোবৰৰ নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ টেঙাগুৰি চাপৰিত একাংশ লোকে অকৰ্তৃত্বশীলভাৱে প্ৰৱেশৰ চেষ্টা চলাইছিল ৷ মৰিগাঁৱৰ জিলা আয়ুক্তগৰাকীয়ে এটা ভিডিঅ' বাৰ্তাযোগে ইতিমধ্যে স্পষ্ট কৰি দিছে যে কোনো দুষ্টচক্ৰই চৰ অঞ্চলৰ দুখীয়া লোকক ধনৰ বিনিময়ত ভূমি দিয়াৰ প্ৰলোভনেৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অবৈধভাৱে প্ৰৱেশৰ সুবিধা কৰি দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক ৷ 

এখন ৰাষ্ট্ৰীয় উদ্যানত কোনো লোকে বিনা অনুমতিত প্ৰৱেশ কৰিব নোৱাৰে আৰু নিয়ম উলংঘা কৰি যদি কোনো লোকে প্ৰৱেশ কৰে তেনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিছে ৷

জিলা আয়ুক্তগৰাকীয়ে এনে দুস্কৃতিকাৰীৰ কথাত ভোল গৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশৰ চেষ্টা নকৰিবলৈ সকিয়াই দিছেল ৷ অন্যথা আইন অনুসৰি এনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় তেওঁ ৷ সমান্তৰালকৈ মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাই এই লোকসকলৰ সকলো সমস্যাৰ বিষয়ে জিলা প্ৰশাসনক অৱগত কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে জিলা প্ৰশাসনৰ উদ্যোগত সমস্যা সমূহ সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত মীমাংসাৰ বাবে দিহা কৰিব বুলি উল্লেখ কৰে ৷ 

লগতে পঢ়ক : Durga Puja 2023 : মহা অষ্টমীত মৰিগাঁৱত উখল-মাখল পৰিৱেশ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.