Durga Puja 2023 : মহা অষ্টমীত মৰিগাঁৱত উখল-মাখল পৰিৱেশ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 9:25 PM IST

Updated : Oct 22, 2023, 9:45 PM IST

thumbnail

মৰিগাঁও, 22 অক্টোবৰ : মহাষ্টমী উপলক্ষে দেওবাৰে সন্ধিয়া জন সমূদ্ৰত পৰিণত মৰিগাঁও চহৰ ৷ মহাষ্টমী উপলক্ষে মৰিগাঁও চহৰৰ চৈধ্যটাকৈ পূজা মণ্ডপত পুৱাৰে পৰা হাজাৰ- হাজাৰ ভক্তপ্ৰাণ ৰাইজে ধূপ-চাকি-নৈবদ্য আগবঢ়াই দেৱীৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে ৷ দুপৰীয়াৰ ভাগত মণ্ডপে-মণ্ডপে আয়োজন কৰা হয় নাম প্ৰসংগ ৷ দেৱী বন্দনা, মংগল উৰুলি, ঢাক-ঢোলৰ শব্দত মুখৰিত চহৰৰ পূজা মণ্ডপসমূহ ৷

সন্ধিয়াৰ ভাগত জনসমুদ্ৰত পৰিণত হয় মৰিগাঁও চহৰ ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ-হাজাৰ ভক্তপ্ৰাণ ৰাইজ উলাই আহি দৰ্শন কৰে ইখনৰ পিচত আনখন পূজা ৷ ইয়াৰ মাজতে কোনোৱে লৈছে জেলেপীৰ জুতি ৷ ইফালে মৰিগাঁও পৌৰসভাৰ এঘাৰ নং ৱাৰ্ডৰ কমিছনাৰ চেহনাজ খানমে পূজাৰ বতৰত ফ্ৰ'জেন ৰেচিপিৰ বিপণি মুকলি কৰে ৰাইজৰ বাবে ৷  

ইফালে শান্তিপূৰ্ণভাৱে পূজা উদযাপন কৰিব পৰাকৈ মৰিগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰিছে নিৰাপত্তা ব্যৱস্থা ৷ এই সন্দৰ্ভত কৰ্তব্যৰত দুগৰাকী আৰক্ষী জোৱানে শান্তিপূৰ্ণভাৱে সপ্তমী আৰু মহাষ্টমী পূজা চলিছে বুলি সদৰী কৰে ৷  

লগতে পঢ়ক : Durga Puja 2023: দুৰ্গা পূজা সমিতিক 10 হাজাৰ টকাৰ চেক প্ৰদান বিধায়ক ৰমাকান্ত দেউৰীৰ

Last Updated : Oct 22, 2023, 9:45 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.