Road accident: ৰঙাজান দলঙৰ পৰা তললৈ বাগৰি পৰিল চাৰিচকীয়া বাহন; এজন আহত

By

Published : Aug 20, 2023, 11:49 AM IST

thumbnail

জোনাই, ২০ আগষ্ট : জোনাইৰ গালি ৰঙাজানস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত এজন লোক । জানিব পৰা মতে, নিশা প্ৰায় ১২/১ বজাত লখিমপুৰৰ পৰা জোনাই অভিমুখে আহি আছিল এখন চাৰিচকীয়া বাহন ৷

নিয়ন্ত্ৰণ হেৰুৱাই ৰঙাজান দলঙৰ পৰা তললৈ বাগৰি পৰি যায় বাহনখন ৷ ফলত গুৰুতৰভাৱে আহত হয় বাহনখনৰ চালকজন ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS 06 AH 7005 ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে উক্ত স্থানত স্থানীয় ৰাইজে উপস্থিত হৈ উদ্ধাৰ কৰে ব্যক্তিজনক ৷ তাৰ পাচতে স্থানীয় লোকৰ তৎপৰতাত আহত ব্যক্তিজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ইফালে খবৰ লাভ কৰাৰ মাত্ৰেই ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Crime in Dhemaji: চিলাপথাৰত আৰক্ষীৰ অভিযান; ড্ৰাগছৰ লগতে ৫ লাখ ৫০ হাজাৰ টকা জব্দ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.