ETV Bharat / state

Crime in Dhemaji: চিলাপথাৰত আৰক্ষীৰ অভিযান; ড্ৰাগছৰ লগতে ৫ লাখ ৫০ হাজাৰ টকা জব্দ

author img

By

Published : Aug 20, 2023, 9:34 AM IST

Crime in Dhemaji
নকল সোণৰ বিৰুদ্ধে চিলাপথাৰত আৰক্ষীৰ অভিযান

নকল সোণৰ বিৰুদ্ধে চিলাপথাৰত আৰক্ষীৰ অভিযান ৷ এই অভিযানত আৰক্ষীয়ে জব্দ ৫.৫০ লাখ টকাসহ ৫.২০ গ্ৰাম হেৰ’ইন আৰু দুখন পালচাৰ বাইক ৷ লগতে ঘটনা সংক্ৰান্তত আটক ১ জন ৷

নকল সোণ তথা দুৰ্নীতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

জোনাই, ২০ আগষ্ট : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰী, নকল সোণ তথা দুৰ্নীতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ এই অভিযানত বৰ্তমানলৈকে বহু অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ ধেমাজিৰ চিলাপথাৰতো নিচাজাতীয় সামগ্ৰী, নকল সোণ তথা দুৰ্নীতিৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷

শনিবাৰে ধেমাজি আৰক্ষীৰ এক অভিযানত জিলাখনৰ পৰা নকল সোণ, নিচাজাতীয় সামগ্ৰী, বুজন পৰিমাণৰ নগদ ধন আৰু বাইক জব্দ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাপ্ত তথ্য মতে, এক গোপন খবৰৰ তথ্যৰ ভিত্তিত ধেমাজি আৰক্ষীৰ এটা দলে নকল সোণৰ বিৰুদ্ধে চলায় এক অভিযান ৷ এই অভিযানতে আৰক্ষী দলটোৱে চিলাপথাৰৰ এম ভি স্কুল পথৰ পালপট্টীৰ ছলমান আলীৰ ঘৰৰ পৰা নগদ ৫.৫০ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে আৰক্ষীৰ দলটোৱে জব্দ কৰে ৫.২০ গ্ৰাম হেৰ’ইন আৰু দুখন পালচাৰ বাইক । ধেমাজি আৰক্ষীয়ে চলমানৰ ঘৰৰ পৰা এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত লখিমপুৰৰ ২ নং কৰুণাবাৰীৰ ছাইদুল ইছলাম নামৰ এজন লোককো কৰায়ত্ত কৰে ।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, উদ্ধাৰ হোৱা এখন পালচাৰ বাইকৰ নম্বৰ হৈছে এ এছ ০৭/এছ ২৮৫৯ ৷ আনহাতে, উদ্ধাৰ হোৱা আনখন পালচাৰ বাইকৰ নম্বৰ প্লেট নাছিল । এই ঘটনাৰ সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে জোৰদাৰ অনুসন্ধান চলালে চোৰাং ব্যৱসায়ত জড়িত এক বৃহৎ চক্ৰ জালত পৰাৰ সম্ভাৱনা আছে । লখিমপুৰৰ বঙালমৰাৰ পৰা নিয়ন্ত্ৰণ হোৱা নকল সোণ আৰু নকল টকাৰ এক চক্ৰ চিলাপথাৰতো আৰম্ভ হৈছে বুলি ৰাইজে সন্দেহ কৰিছে ।

লগতে পঢ়ক : Illegal Timber Seized : চৰকাৰী এম্বুলেন্সত ৰোগীৰ পৰিৱৰ্তে আহিল চোৰাং কাঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.