ETV Bharat / state

Illegal Timber Seized : চৰকাৰী এম্বুলেন্সত ৰোগীৰ পৰিৱৰ্তে আহিল চোৰাং কাঠ

author img

By

Published : Aug 19, 2023, 5:52 PM IST

চৰকাৰী এম্বুলেন্সত ৰোগীৰ পৰিৱৰ্তে অনা হ'ল চোৰাং কাঠ ৷ মৰিয়নিত নাগালেণ্ডৰ পঞ্জীয়নভুক্ত এখন এম্বুলেন্সৰ পৰা জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ ৷ আটক তিনিজন ৷

Illegal Timber Seized From an Ambulance at Mariani
লক্ষাধিক টকাৰ চোৰাং কাঠ

এম্বুলেন্সৰ পৰা জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ

যোৰহাট, 19 আগষ্ট : এইবাৰ চৰকাৰী এম্বুলেন্সত ওলাল চোৰাং কাঠ ৷ চৰকাৰী এম্বুলেন্সত ৰোগীৰ পৰিৱৰ্তে অনা হ'ল চোৰাং কাঠ ৷ এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ মৰিয়নিত ৷

যোৰহাটৰ মৰিয়নিত নাগালেণ্ডৰ পঞ্জীয়নভুক্ত এখন এম্বুলেঞ্চৰ পৰা জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ ৷ নাগালেণ্ডৰ পঞ্জীয়নভুক্ত এম্বুলেন্সখনত চোৰাং ভাৱে লক্ষাধিক টকাৰ চেগুন কাঠ সৰবৰাহ কৰা হৈছিল ৷ মৰিয়নিৰ গিবন অভয়াৰণ্য মাজৰে যোৱা ধোদৰ আলিয়েদি নাগালেণ্ডৰ এম্বুলেন্সত মূল্যৱান কাঠ চোৰাংভাৱে সৰৱাহ কৰা খবৰ লাভ কৰি কেইজনমান যুৱকৰ তৎপৰতাত মৰিয়নিৰ বন বিভাগে এক অভিযান চলাই ৷ এই অভিযানত বনবিভাগে এম্বুলেঞ্চখনৰ পৰা লক্ষাধিক টকাৰ মূল্যবান চেগুন কাঠ জব্দ কৰে ৷

লগতে পঢ়ক : Anti tobacco drive: মৰিগাঁও জিলা আয়ুক্তই ৰাজপথত জ্বলালে ধঁপাত জাতীয় সামগ্ৰী

উল্লেখ্য যে, নাগালেণ্ডৰ পঞ্জীয়নভুক্ত এম্বুলেন্সত অসমৰ মাজেৰে দৈনিক চোৰাং সামগ্ৰী আৰু চোৰাং কাঠ সৰবৰাহ হয় বুলি গুৰুতৰ অভিযোগ প্ৰায়েই উত্থাপন হৈ আহিছে ৷ মৰিয়নিৰ বন বিভাগৰ অভিযানত জব্দ হোৱা নম্বৰ প্লেট বিহীন এম্বুলেন্সত ডিমাপুৰৰ পৰা নাগালেণ্ডৰ মন জিলালৈ চোৰাংভাৱে প্ৰায় লক্ষাধিক টকাৰ কাঠ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল দুস্কৃতিকাৰীয়ে ৷

ইতিমধ্যে এম্বুলেন্সখনৰ চালক আৰু দুজন লোকক ঘটনা সন্দৰ্ভত বন কৰ্মীয়ে আটক কৰিছে ৷ আটকধীন ধৃত লোক কেইজন ক্ৰমে পি লনিয়া (23), মৌ পা (52) আৰু বেনুধৰ গগৈ (56) ৷ এইদৰে ৰোগীৰ পৰিৱৰ্তে এম্বুলেন্সত চোৰাং কাঠ আৰু অন্যান্য সামগ্ৰী সৰবৰাহ কৰাৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে ৷

উল্লেখ্য যে, এনেদৰে এম্বুলেন্সত অবৈধভাৱে সুৰাকে ধৰি চোৰাং কাঠ আদি বিভিন্ন সামগ্ৰী সৰবৰাহৰ ঘটনা ৰাজ্যত প্ৰয়েই সংঘটিত হৈ আহিছে ৷

লগতে পঢ়ক : Palm oil plantation in Assam: অসমত সৰ্বনাশী তৈল খেজুৰৰ খেতিৰ ঘোৰ বিৰোধিতা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.