Child kidnapping in Dibrugarh: ডিব্ৰুগড়ত 4 বছৰীয়া শিশুক অপহৰণ দুৰ্বৃত্তৰ

By

Published : Feb 1, 2023, 8:28 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ডিব্ৰুগড়, 1 ফেব্ৰুৱাৰী: ডিব্ৰুগড়ত শিশু অপহৰণৰ ঘটনা(Child kidnapping in Dibrugarh) ৷ চিচি টিভি কেমেৰাত আবদ্ধ হৈছে শিশু অপহৰণৰ সমগ্ৰ ঘটনা ৷ সোমবাৰে নিশা ডিব্ৰুগড়ৰ চহৰৰ মালিপট্টি অঞ্চলত সংঘটিত হৈছে এই অপহৰণকাণ্ড ৷

ৰঞ্জিৎ বাইলুং নামৰ লোকজনৰ চাৰি বছৰীয়া পুত্ৰ তপন বাইলুঙক অপহৰণ দুৰ্বৃত্তৰ ৷ সোমবাৰে সন্ধিয়া প্ৰায় 7 বজাত ঘৰৰ পৰা ওলাই গৈছিল শিশুটি ৷ তেতিয়াই শিশুটিক  কৰা হয় অপহৰণ ৷ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া চহৰখনত সৃষ্টি হৈছে চাঞ্চল্য(Dibrugarh kidnapping case) ৷  

ইতিমধ্যেই শিশুটিৰ পিতৃয়ে ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল কৰিছে  ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানেও সন্ধান লাভ কৰা নাই শিশুটিৰ ৷ যাৰ বাবে এতিয়া মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে শিশুটিৰ পৰিয়ালবৰ্গই(Child kidnapped from Dibrugarh) ৷

ইফালে, চিচি টিভিত বন্দী হোৱা এজন যুৱকক অপহৃত শিশুটিৰ পৰিয়ালৰ লোকে নিজেই গতাই দিছে আৰক্ষীক(Dibrugarh police) ৷ কিন্তু যুৱকজন অপহৰণকাণ্ডৰ সৈতে জড়িত হয় নে নহয় সেয়া সংবাদমাধ্যৰ আগত সদৰী কৰা নাই আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপন কৰিছে শিশুটিৰ পিতৃ ৰঞ্জিৎ বাইলুঙে ৷ স্থানীয় লোকেও আৰক্ষীয়ে তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ 

সম্প্ৰতি শিশুটিক উদ্ধাৰৰ কৰা হ’ব আৰক্ষীয়ে প্ৰতিশ্ৰুতি দিছে যদিও আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া কিদৰে আগবঢ়াই নিব সেয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষণীয় ৷ আনফালে, আৰক্ষীৰ স্থিতিক লৈ সকলোৱে উত্থাপন কৰিছে প্ৰশ্ন ৷ 

লগতে পঢ়ক: Kidnapping at Rangia: ৰঙিয়াত দিন দুপৰতে অপহৰণ কৰিলে ব্যৱসায়ীক

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.