Kidnapping at Rangia: ৰঙিয়াত দিন দুপৰতে অপহৰণ কৰিলে ব্যৱসায়ীক

By

Published : Feb 1, 2023, 6:46 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ৰঙিয়া, ১ ফেব্ৰুৱাৰী: ৰঙিয়া নগৰত বুধবাৰে দিন দুপৰতে সংঘটিত হয় এক চাঞ্চল্যকৰ অপহৰণকাণ্ড ৷ ৰঙিয়া নগৰৰ নুৰুদ্দিন পথৰ পাইলচ ট্ৰিটমেন্ট কেয়াৰ নামৰ ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীক চাৰি দুৰ্বৃত্তৰ এটাৰ দলে দিন দুপৰতে অপহৰণ কৰে ৷ ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখতে থকা ফাৰ্মাচীখনৰ ভিতৰৰ পৰাই দুৰ্বৃত্তৰ দলটোৱে উঠাই নিয়ে ব্যৱসায়ীগৰাকীক(Businessman kidnapped from Rangia) ৷ এই ঘটনাই এতিয়া ৰঙিয়া নগৰৰ লোকৰ মাজত সৃষ্টি কৰিছে তীব্ৰ আতংকৰ ৷ সৰ্বসাধাৰণ লোকৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে ৰঙিয়াবাসীয়ে ৷

ডকাইতৰ দলটোৱে AS 01 DU 6306 নম্বৰৰ চিলভাৰ ৰঙৰ হোণ্ডাই বাহনেৰে সংঘটিত কৰে এই অপহৰণকাণ্ড ৷ অপহৰণ কৰা মুহুৰ্তত চাৰি দুৰ্বৃত্তই ফাৰ্মাছিষ্টগৰাকীক মাৰধৰ কৰাৰ কথা জানিব পৰা হৈছে । অপহৃত ব্যৱসায়ীজন তামুলপুৰৰ জেহৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ৷ চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৱে জেহৰুল ইছলামক আক্ৰমণ কৰি হোণ্ডাই বাহনত উঠাই লৈ ৰাষ্ট্ৰীয় ঘাইপথ অভিমুখে পলায়ন কৰে বুলি উল্লেখ কৰিছে স্থানীয় লোকে ৷

ইফালে এই অপহৰণকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছে এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মোবাইলত ৷ প্ৰত্যক্ষদৰ্শীয়ে সমগ্ৰ ঘটনা ৰঙিয়া আৰক্ষীক অৱগত কৰাৰ লগতে এই ঘটনাৰ ভিডিঅ’ও আৰক্ষীৰ ওচৰত দাখিল কৰিছে ৷ স্থানীয় লোকৰ তথ্যৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে ইতিমধ্যে ব্য়ৱসায়ীজনক বিচাৰি আৰম্ভ কৰিছে তদন্ত ৷

উল্লেখ্য যে, অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে মহানগৰীৰ সমীপৱৰ্তী অঞ্চল ৷ দিন দুপৰতে চোৰ, ডকাইতি, অপহৰণকাণ্ড যেন এতিয়া এক সাধাৰণ ঘটনাত পৰিণত হৈছে গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী অঞ্চলসমূহত ৷ ইয়াৰ পূৰ্বে ১৯ জানুৱাৰীত বকোৰ মাজমজিয়াত দিন দুপৰতে ভাৰতীয় সেনাৰ এজন জোৱানৰ পৰা দুজনীয়া ডকাইতৰ এটা দলে লুট কৰি নিছিল নগদ প্ৰায় ১ লাখ ১৯ হাজাৰ টকা(Miscreants snatch money bag from Army Jawan) । ভুক্তভোগী সেনা জোৱানজনে বকোস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা টকাখিনি উলিয়াই আনোতেই টকাৰ বেগত হাত দিয়ে দুৰ্বৃত্তৰ দলটোৱে(Miscreants snatch money bag) ।

লগতে পঢ়ক: Crime at Boko: দিন দুপৰতে সেনা জোৱানৰ পৰা ডকাইতে লুটি নিলে ধন

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.