Amrit Bharat Station Scheme: অমৃত ভাৰত ৰে'ল ষ্টেচনলৈ উন্নীত হ’ব ডিব্ৰুগড়ৰ ৪ টা ৰে'লৱে ষ্টেচন; ভাৰ্চুৱেলি আধাৰশিলা স্থাপন

By

Published : Aug 6, 2023, 6:44 PM IST

thumbnail

ডিব্ৰুগড়, 6 আগষ্ট : দেশৰ ৰে’ল যোগাযোগ ব্যৱস্থাক অধিক গতিশীলতা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে বিশেষ অভিলাষী আঁচনি ৷ অমৃত ভাৰত ষ্টেচন আঁচনিৰ জৰিয়তে সমগ্ৰ ভাৰততে ৫০৮ টা ৰে'লৱে ষ্টেচনক পুনৰ বিকাশ কৰা হ’ব অমৃত ভাৰত ষ্টেচনলৈ ৷ দেওবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জড়িয়তে অমৃত ভাৰত ষ্টেচনৰ আধাৰাশিলা স্থাপন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷  

এই আঁচনিৰ অধীনত পুনৰ বিকাশ কৰা হ’ব উত্তৰ-পূবৰ ৫৬ টাকৈ ৰে‘লৱে ষ্টেচন ৷ এই আঁচনিত অন্তৰ্ভুক্ত হৈছে ডিব্ৰুগড়ৰ 8টাকৈ ৰে’লৱে ষ্টেচন ৷ এই ৪টা ৰে'লৱে ষ্টেচনৰ অত্যাধুনিক নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব কেন্দ্ৰীয় ৰে'ল বিভাগে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰে ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'লৱে ষ্টেচন, নাহৰকটীয়া , নামৰূপ আৰু দুলীয়াজান ৰে'লৱে ষ্টেচনৰ ৷ ইয়াৰে ৪০.১১ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'ব ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'লৱে ষ্টেচন ৷  

ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'লৱে ষ্টেচনত এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ ৷ ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰা দুলীয়াজান ৰে'ল ষ্টেচনৰ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক তেৰছ গোৱালা ৷ 

নামৰূপৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াই ৷ আনহাতে নাহৰকটীয়া ৰে'ল ষ্টেচনৰ আধাৰশিলা শুভাৰম্ভ কৰা অনুষ্ঠানত উপস্থিত থাকে নাহৰকটীয়াৰ চক্ৰ বিষয়া শৰৎ গগৈকে ধৰি ৰে'ল বিভাগৰ শীৰ্ষ বিষয়াসকল ৷

জানিব পৰা মতে তিনিচুকীয়া ৰে'লৱে সংমণ্ডলৰ অধীনত ১৩ টা ৰে'লৱে ষ্টেচন অমৃত ভাৰত ষ্টেচনলৈ উন্নীতকৰণ হ'ব ৷ দেওবাৰৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰচেষ্টাক ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যৰ মন্ত্ৰী, বিধায়কসকলে ৷ 

লগতে পঢ়ক : Amrit Bharat Station Scheme: উৎফুল্লিত জাগীৰোডবাসী; প্ৰধানমন্ত্ৰীক ধন্যবাদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.