ETV Bharat / state

Amrit Bharat Station Scheme: উৎফুল্লিত জাগীৰোডবাসী; প্ৰধানমন্ত্ৰীক ধন্যবাদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

author img

By

Published : Aug 6, 2023, 3:19 PM IST

আজি দেশৰ প্ৰায় 805 টা ৰে’ল ষ্টেচন অমৃত ভাৰত ষ্টেচনলৈ উন্নীতকৰণৰ আধাশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ অমৃত ভাৰত ষ্টেচনৰ আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হৈছে জাগীৰোড ৰে’লৱে ষ্টেচন ৷ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

Amrit Bharat Station Scheme
উৎফুল্লিত জাগীৰোডবাসীক

উৎফুল্লিত জাগীৰোডবাসীক

মৰিগাঁও, 6 আগষ্ট: আজি দেশৰ প্ৰায় 508 টা ৰে’ল ষ্টেচন অমৃত ভাৰত ষ্টেচনলৈ উন্নীতকৰণৰ আধাশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ অমৃত ভাৰত ষ্টেচনৰ আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হৈছে জাগীৰোড ৰে’লৱে ষ্টেচন ৷ দেওবাৰে পুৱা 11 বজাত ভাৰতবাসীৰ লগতে জাগীৰোডবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

পূৰ্বৰ তুলনাত অতি আধুনিক ৰূপত নিৰ্মাণ হ'ব লগা 508 টা ষ্টেচনৰ ভিতৰত জাগীৰোড ৰে’লৱে ষ্টেচনো অন্যতম ৷ আজি প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শিলান্যাস কৰে ৷ ২৫ হাজাৰ কোটি টকা ব্যয়ৰ এই বিশাল আচঁনিৰ প্ৰায় 32 কোটি টকা জাগীৰোড ষ্টেচনৰ পুনৰ নিৰ্মাণত খৰচ হ’ব বুলি জানিব পৰা গৈছে ।

জাগীৰোডত এই উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী পীযুষ হাজৰীকা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত দাস, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰ, জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ভৱেন চন্দ্ৰ নেওগ মুখ্য উপস্থিত আছিল । আনহাতে অসমৰ 32 টা ষ্টেচনৰ অমৃত ভাৰত আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই মন্ত্ৰী পীযুষ হাজৰীকাই ।

তেওঁ কয়, আজি জাগীৰোডবাসীৰ বাবে ভাল খবৰ ৷ জাগীৰোড ৰে’ল ষ্টেচনক আকৌ এবাৰ বনোৱা হৈছে । এই সুযোগতে মই জাগীৰোডবাসীৰ হৈ প্ৰধান মন্ত্ৰীৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো । জাগীৰোডবাসীৰ হৈ ৰে’লমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছো । জাগীৰোডবাসীৰ হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো ৷ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত জাগীৰোড ৰে’ল ষ্টেচনটোক ন-ৰূপ দিয়াৰ খবৰে উৎফুল্লিত কৰিছে জাগীৰোডবাসীক ৷


লগতে পঢ়ক:Morigaon Health News: ‘মিছন ইন্দ্ৰধনুষ’ 5 সন্দৰ্ভত মৰিগাঁৱত টাস্ক ফ’ৰ্চৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.