যাত্ৰীবাহী বাছত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান , চাৰি সৰবৰাহকাৰীক আটক
Published: Nov 21, 2023, 7:48 AM
বঙাইগাঁও, 21 নৱেম্বৰ : ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে বঙাইগাঁও জিলাৰ বইটামাৰিত সোমবাৰে ড্ৰাগছ বিৰোধী অভিযান চলায় বঙাইগাঁও আৰক্ষীয়ে ৷ এই অভিযানৰ সময়ত বঙাইগাঁও আৰক্ষীয়ে প্ৰায় 43 গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷
জানিব পৰা মতে, বঙাইগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী আহি থকা আল্ট্ৰা বাছ এখনত এই অভিযান চলায়। আৰক্ষীয়ে AS 01 FC 5245 নম্বৰৰ বাছখনৰ পৰা চাইকেলৰ টিউবত ভৰাই বাছখনত বান্ধি লৈ অৱস্থাত ড্ৰাগছ ভৰ্তি 24 টা কণ্টেইনাৰ জব্দ কৰে ৷ লগতে অভিযানকাৰী দলটোৱে আল্ট্ৰা বাছখনৰ ড্ৰাইভাৰ, হেণ্ডিমেনসহ চাৰিটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
জব্দকৃত ড্ৰগছখিনিৰ বজাৰ মূল্য প্ৰায় 50 হেজাৰ টকা বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক: ছত্তীশগড়ৰ কাংকেৰত নক্সালবাদীৰ ভয়ংকৰ কূটাঘাত ৰোধ; পাঁচটা আই ই ডি নিস্ক্ৰীয়