ETV Bharat / bharat

ছত্তীশগড়ৰ কাংকেৰত নক্সালবাদীৰ ভয়ংকৰ কূটাঘাত ৰোধ; পাঁচটা আই ই ডি নিস্ক্ৰীয়

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 10:32 PM IST

Naxalites conspiracy failed in Kanker
Naxalites conspiracy failed in Kanker

কাংকেৰত নক্সালবাদীৰ ভয়ংকৰ ষড়যন্ত্ৰ বিফল কৰিছে নিৰাপত্তাৰক্ষীয়ে । অঞ্চলটোৰ পৰা একেলগে পাঁচটা আই ই ডি উদ্ধাৰ কৰা হৈছে । সকলো বিস্ফোৰক নিষ্ক্ৰিয় কৰা হৈছে । মাওবাদীয়ে স্থাপন কৰা পাইপ বোমা আৰু আই ই ডি উদ্ধাৰ ৷

নিউজ ডেস্ক, ২০ নৱেম্বৰ: ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত কাংকেৰত নক্সালবাদী হিংসাত্মক ঘটনা সংঘটিত হৈছিল । তেতিয়াৰ পৰাই নক্সালবাদীয়ে ইয়াত সন্ত্ৰাস বিয়পাবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে । সোমবাৰে নিৰাপত্তা বাহিনীয়ে একেলগে ৫টা আই ই ডি উদ্ধাৰ কৰে । নিৰাপত্তা বাহিনী আৰু ছত্তীশগড় আৰক্ষী বাহিনীৰ জোৱানক লক্ষ্য কৰি মাওবাদীয়ে এই আই ই ডি স্থাপন কৰিছিল ।

কয়লিবেডা অঞ্চলৰ পৰা উদ্ধাৰ আই ই ডি: কয়লিবেডাৰ উলিয়া আৰু মাদ পাখাঞ্জুৰ অঞ্চলৰ পৰা এই আটাইকেইটা আই ই ডি উদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে । ডি আৰ জি আৰু বাষ্টাৰ যুঁজাৰু সৈন্যই এই বিস্ফোৰকসমূহ বিচাৰি অভিযান চলাইছিল । তেতিয়াই নিৰাপত্তা বাহিনীয়ে নক্সালবাদীয়ে স্থাপন কৰা IED লক্ষ্য কৰে ৷ নিৰাপত্তা বাহিনীয়ে তদন্ত কৰি তিনিটা পাইপ বোমা আৰু দুটা কুকাৰ বোমা উদ্ধাৰ কৰে । লগে লগে বিডিএছৰ দলটোৱে ইয়াক নিষ্ক্ৰিয় কৰি পেলায় ।

৭ নৱেম্বৰত কয়লিবেডাত সংঘটিত হিংসা: ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত কয়লিবেডা অঞ্চলত সংঘটিত হৈছিল নক্সালবাদীৰ হিংসাত্মক ঘটনা । নক্সাল আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীচালনা হৈছিল সেই অঞ্চলত । এই গুলীচালনাৰ সময়ত নক্সালবাদীৰ গুলীত এজন কৃষক আহত হয় । পিছত ৰায়পুৰত চিকিৎসাৰ সময়ত কৃষক ডোগে ৰাম টিম্মাৱৰ মৃত্যু হয় ।

কয়লিবেডা কাংকাৰৰ নক্সাল প্ৰভাৱিত অঞ্চল: কাংকাৰৰ কয়লিবেডা নক্সাল আক্ৰান্ত অঞ্চল । নক্সালবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘাতৰ খবৰ ধাৰাবাহিকভাৱে চলি আছে । এই অঞ্চলত বহু এনকাউণ্টাৰ হৈছে, ৰেড টেৰ’ৰে সদায় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ তথাপিও নক্সালবাদীয়ে এই অঞ্চলত হিংসা বিয়পোৱাৰ পৰা বিৰত থকা নাই । আকৌ এবাৰ নক্সালবাদীয়ে হিংসা বিয়পাবলৈ চেষ্টা কৰিছিল অঞ্চলটোত ৷ কিন্তু নিৰাপত্তা বাহিনীৰ সাহসী সৈন্যই নক্সালবাদীৰ পৰিকল্পনা বিফল কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: মণিপুৰৰ কাংপকপিত দুই কুকি জো নিহত, জনজাতীয় লোকৰ বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.