ETV Bharat / state

মণিপুৰৰ কাংপকপিত দুই কুকি জো নিহত, জনজাতীয় লোকৰ বন্ধ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 7:15 PM IST

মণিপুৰৰ কাংপোকপি জিলাৰ হাৰাওথেল আৰু কোবছা গাঁৱত সুৰক্ষা বাহিনীৰ লগত সংঘটিত এক সংঘৰ্ষত দুই কুকি-জো নিহত হৈছে ৷ জনজাতি ঐক্য সমিতিয়ে কাংপকপি জিলাত জৰুৰীকালীন বন্ধ ঘোষণা কৰিছে ৷

Two Kuki Zo tribal killed at Kangpokpi district
অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

তেজপুৰ, 20 নৱেম্বৰ : হিংসাজৰ্জৰ মণিপুৰৰ কাংপকপি জিলাত পুনৰ অশান্ত পৰিৱেশে বিৰাজ কৰিছে ৷ পাহাৰীয়া ৰাজ্যখনত যোৱা 3 মে' ৰ পৰা গোষ্ঠীগত সংঘৰ্ষৰ পিছতে বিগত সময়চোৱাত অশান্ত হৈ থকাৰ মাজতে সোমবাৰে মণিপুৰৰ কাংপোকপি জিলাৰ হাৰাওথেল আৰু কোবছা গাঁৱত সুৰক্ষা বাহিনীৰ লগত সংঘটিত এক সংঘৰ্ষত দুই কুকি-জো নিহত হোৱা বুলি জানিব পৰা গৈছে ৷

এই ঘটনাৰ পিছতে, জনজাতি ঐক্য সমিতিয়ে কাংপকপি জিলাত জৰুৰীকালীন বন্ধ ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰে ৷ তেওঁলোকে পূৰ্বতে জনাইছিল যে তেওঁলোক বিজেপি দলৰ চৰকাৰৰ অধীনত এতিয়া সুৰক্ষিত নহয় ৷ তেওঁলোকে লগতে মণিপুৰ চৰকাৰৰ অধীনত তেওঁলোক আৰু সুৰক্ষিত নহয় বুলিও মন্তব্য কৰে ৷

এই ঘটনাৰ পিছতে কেন্দ্ৰীয় চৰকাৰক কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰি জনজাতি ঐক্য সমিতিয়ে সৰ্বসন্মতি ক্ৰমে কাংপকপি জিলাত জৰুৰীকালীন বন্ধ ঘোষণা কৰে ৷ প্ৰেছ, জৰুৰীকালীন সেৱা আৰু CoTU ইউনিটসমূহ এই বন্ধৰ পৰা ৰেহাই দিয়া হ’ব বুলি জানিবলৈ দিয়ে তেওঁলোকে ৷ আনহাতে ইম্ফল-পশ্চিম, ইম্ফল-পূব, থৌবাল, কাকচিং, কাংপকপি আৰু চুৰাচান্দপুৰ জিলাৰ ফ্ৰিঞ্জ আৰু দুৰ্বল এলেকাত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলোৱাৰ লগতে এলেকা সমূহত আধিপত্য চলায় ৷ অভিযানৰ সময়ত বহুতো অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ মে’ মাহতে মণিপুৰত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ এতিয়াও শাম কটা নাই ৷ এই পৰিস্থিতিত ভুক্তভোগী হাজাৰ হাজাৰ লোকে নিজৰ ঘৰ-বাৰী হেৰুৱাই নিৰাপদ স্থানলৈ পলায়ন কৰাৰ লগতে বহু লোকে প্ৰাণ হেৰুৱাব লগাও হৈছে ৷ গোষ্ঠীগত সংঘৰ্ষত বিধস্ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়াও হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হয় ৷ কিছু কিছু ঠাইত এই হিংসাত্মক ঘটনা সাময়িকভাৱে শাম কাটিছিল যদিও এতিয়া পুনৰ মূৰ দাঙি উঠিছে হিংসাই ৷

লগতে পঢ়ক : নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ সদৌ অসম বাঙালি পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.