ETV Bharat / state

নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ সদৌ অসম বাঙালি পৰিষদ

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 5:34 PM IST

All Assam Bengali Parishad press conference in Tinsukia
সদৌ অসম বাঙালি পৰিষদৰ সংবাদমেল

বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ সদৌ অসম বাঙালি পৰিষদ ৷ অসমতো বিজেপি চৰকাৰ গঠনৰ ৯ বছৰৰ পাচতো চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি হিন্দু-বাঙালি সমস্যাক লৈ একো চিন্তা ভাৱনা নকৰিলে বুলি আক্ষেপ প্ৰকাশ পৰিষদৰ ৷ অনতি পলমে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্রহণ নকৰিলে আগন্তুক নির্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ পৰিষদৰ ।

সদৌ অসম বাঙালি পৰিষদৰ সংবাদমেল

তিনিচুকীয়া, ২০ নৱেম্বৰ: সদৌ অসম বাঙালি পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে সোমবাৰে তিনিচুকীয়াত এখন সংবাদমেল সম্বোধন কৰি অসমত বসবাসকাৰী হিন্দু বাঙালিসকলৰ সমস্যাখিনি চৰকাৰৰ দৃষ্টিগোচৰ কৰে । বাঙালি পৰিষদৰ কেন্দ্রীয় সম্পাদক জয়ন্ত সেনগুপ্তই সংবাদমেলত সদৰী কৰা মতে, এন আৰ চি উন্নীতকৰণৰ নামত অসমত বসবাস কৰা হিন্দুসকলৰ বায়’মেট্রিক্স লোৱাৰ ফলত তেওঁলোকে আধাৰ কাৰ্ড বনাবলৈ সক্ষম হোৱা নাই ৷ ফলত তেওঁলোকে বিভিন্ন চৰকাৰী আঁচনি যেনে- প্রধানমন্ত্রী আবাস যোজনা, উজ্জ্বলা গেছ যোজনা, আয়ুম্মান ভাৰত, অটল অমৃত যোজনা, ৰেচন কার্ড ইত্যাদিৰ পৰা বঞ্চিত হ’ব লগা হৈছে ।

তেওঁ লগতে কয়, যিসকলে অনলাইনৰ যোগেদি বসুন্ধৰা আঁচনিত আবেদন কৰিছিল আৰু সকলো নথিপত্র দিছিল তেওঁলোকৰো নাম কর্তন কৰা হৈছে । ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যত ডি ভোটাৰ প্ৰথা নাই, কিন্তু অতি আশ্চর্যজনকভাৱে অসমত বসবাস কৰা হিন্দু বাঙালিসকলক ডি ভোটাৰ সজাই হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে । ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনসভাত কৈছিল বিজেপি চৰকাৰ শাসনত আহিলে ডিটেনচন কেম্প ভাঙি দিয়া হ'ব আৰু তাৰ বাবেই অসমৰ হিন্দু বাঙালিসকলে দুগুণ উৎসাহেৰে বিজেপিক ভোট দি জয়যুক্ত কৰাইছিল । কিন্তু ক্ষমতাত অহাৰ ৯ বছৰ পিচতো ডিটেনচন কেম্পত হিন্দু বাঙালিসকলে অভিশপ্ত জীৱন কটাব লগা হৈছে ।

২০১৬ চনত অসমতো বিজেপি চৰকাৰ গঠন হ’ল কিন্তু এইখন চৰকাৰে হিন্দু বাঙালি সমস্যাক লৈ একো চিন্তা ভাৱনা নকৰিলে বুলি তেওঁ আক্ষেপ কৰে । সেনগুপ্তই লগতে কয়, মুখ্যমন্ত্রীগৰাকীয়েও সনাতন ধৰ্মৰ কথা কয় । আমি জানিব বিচাৰিছো অসমত বসবাসকাৰী হিন্দু বাঙালিসকল সনাতনী নহয় নেকি !! তেওঁ এই সংবাদমেলৰ যোগেদি অসম চৰকাৰক এই সন্দৰ্ভত অনতি পলমে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায় ৷ নহ’লে আগন্তুক নির্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে । তেওঁ লগতে সদৌ অসম বাঙালি পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্রী আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: ২৮ দিনৰ পিছতো দোষীয়ে নাপালে শাস্তি: মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়াআঙুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.