বৰ্তমান অসমৰ প্ৰায় 27 লাখ মানুহৰ নাই আধাৰ কাৰ্ড !

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 7:41 AM IST

Updated : Dec 29, 2023, 7:54 AM IST

thumbnail

ৰঙিয়া, 29 ডিচেম্বৰ : "বৰ্তমান অসমৰ প্ৰায় 27 লাখ মানুহৰ আধাৰ কাৰ্ড নাই ৷ প্ৰথম অৱস্থাত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আধাৰ কাৰ্ড জৰুৰী নহয় বুলি কোৱা হৈছিল যদিও এতিয়া সৰ্বত্ৰে আধাৰ কাৰ্ড বাধ‍্যতামূলক ৷ ফলত এতিয়া অসুবিধাৰ সন্মুখীন হৈছে এই আধাৰ কাৰ্ডবিহীন 27 লাখ লোকে ।’’ অসম আধাৰ সংযোগ দাবী সমিতিয়ে বৃহস্পতিবাৰে ৰঙিয়াত এখন সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে ৷

অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অৰ্থাৎ এন আৰ চিৰ চূড়ান্ত তালিকা উন্নীত কৰাৰ সময়ত প্ৰায় 27 লাখ লোকৰ বায়’মেট্ৰিকৰ তথ্য লোৱা হৈছিল । সেই সময়ত যিসকল লোকৰ বায়’মেট্ৰিক লোৱা হৈছিল তেওঁলোকৰ আধাৰ কাৰ্ডসমূহ নিৰ্দিষ্ট ঠিকনালৈ প্ৰেৰণ কৰা হ’ব বুলি তেওঁলোকক কোৱা হৈছিল ।

কিন্তু এই প্ৰক্ৰিয়া প্ৰায় পাঁচ বছৰ অতিক্ৰম কৰাৰ পিচতো লাখ লাখ লোকে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈছে । 2018 চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি)ত উল্লেখ কৰা হৈছে যে 2018 চনৰ 31 জুলাইত প্ৰকাশিত এন আৰ চিৰ খচৰা তালিকাৰ পৰা আঁতৰি থকা লোকসকলক বায়’মেট্ৰিক বিৱৰণ জমা দিবলৈ বাধ্যতামূলক কৰি দিছিল । কিন্তু তাৰ পিচতো আধাৰ কাৰ্ডৰ বাবে বহু অসুবিধাৰ সন্মুখীন হৈছে ৰাজ্যৰ 27 লাখ লোকে ।

আধাৰ কাৰ্ড নথকাৰ ফলত এই লাখ লাখ লোকে বেংকতেই হওক বা চৰকাৰী আঁচনিৰ লাভালাভৰ ক্ষেত্ৰতেই হওক যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে বঞ্চিতও হৈছে । সেয়েহে অতি সোনকালে আধাৰ কাৰ্ড সংযোগ দাবী সমিতিয়ে এই সমস্যাৰ সমাধানৰ বাবে দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক: বৰাগাঁও হত্যাকাণ্ডৰ ২৪ ঘণ্টা উকলি যোৱাৰ পিচতো আৰক্ষীয়ে লাভ কৰা নাই কোনো শুংসূত্ৰ

Last Updated : Dec 29, 2023, 7:54 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.