বৰাগাঁও হত্যাকাণ্ডৰ ২৪ ঘণ্টা উকলি যোৱাৰ পিচতো আৰক্ষীয়ে লাভ কৰা নাই কোনো শুংসূত্ৰ

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 6:38 PM IST

thumbnail

গুৱাহাটী, ২৮ ডিচেম্বৰ : মহানগৰীৰ বৰাগাঁৱত বুধবাৰে সংঘটিত হোৱা হত্যাকাণ্ড ঘটনাৰ ২৪ ঘণ্টা উকলিল ৷ এতিয়ালৈকে আৰক্ষীয়ে লাভ কৰা নাই হত্যাকাণ্ডৰ কোনো ক্লু । ঘটনা সন্দৰ্ভত সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

মৃত বনজিৎ দাসৰ জ্যেষ্ঠ ভাতৃ, জ্যেষ্ঠ ভাতৃৰ চালকৰ লগতে ঘৰৰ সীমাৰ দেৱালৰ কাম কৰি থকা দুজন বনুৱা আৰু একাংশ ওচৰ চুবুৰীয়াক সোধা-পোছা কৰিছে আৰক্ষীয়ে । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, বনজিৎ দাস আৰু পৰিয়ালৰ ওচৰ চুবুৰীয়াৰ লগত নাছিল কোনো ঘনিষ্ঠতা । বনজিৎ দাসৰ পত্নী দীপ্তি দাস পেছাত এগৰাকী শিক্ষয়িত্ৰী ।

বনজিৎ দাসে প্ৰকৃততে কি কাম কৰে এতিয়ালৈ জানিব পৰা হোৱা নাই । উল্লেখ্য যে, কন্যা দিদিক্ষাৰ কালিৰ দিনটোতে মৃত্যু হৈছিল যদিও সংকটজনক অৱস্থাত বনজিৎ দাসক এক্সেলকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । পিচত উন্নত চিকিৎসাৰ বাবে নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । অৱশেষত আজি পুৱা প্ৰায় ১০ মান বজাত বনজিৎ দাসৰো মৃত্যু হয় । বনজিৎ দাসৰ মৃত্যুৰ পিচত এতিয়া অধিক ৰহস্যঘন হৈ পৰিছে সমগ্ৰ ঘটনাটো ।

প্ৰকৃততে এয়া হত্যা নে কন্যাক হত্যা কৰি আত্মহত্যা কৰাৰ ঘটনা ! যদিহে হত্যা কিহৰ বাবে এনে ঘটনা কোনে সংঘটিত কৰিলে সেই কথা বৰ্তমানলৈকে স্পষ্ট হোৱা নাই । সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত । দুই মৃতদেহৰ মৰণোত্তৰ প্ৰতিবেদনৰ বাবে এতিয়া অপেক্ষা কৰিছে মহানগৰ আৰক্ষীয়ে । গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, আৰক্ষীয়ে এতিয়ালৈ সেই স্থানৰ কোনো CCTV কেমেৰাৰ ফুটেজ পৰীক্ষা কৰা নাই । আনহাতে এই সম্পৰ্কত কোনোধৰণৰ মন্তব্য দিয়াৰ পৰাও বিৰত আছে মহানগৰ আৰক্ষী ।

লগতে পঢ়ক : বৰাগাঁৱত ৰহস্যজনক ঘটনা: সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু, মৃত্যুৰে যুঁজিছে পিতৃয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.