বৰাগাঁৱত ৰহস্যজনক ঘটনা: সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু, মৃত্যুৰে যুঁজিছে পিতৃয়ে

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 10:30 PM IST

Updated : Dec 27, 2023, 10:45 PM IST

thumbnail

গুৱাহাটী, ২৭ ডিচেম্বৰ : মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । মহানগৰীৰ বৰাগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা । নিজ ঘৰতে ঘটি গ’ল অঘটনটো ৷ পিতৃ-কন্যাক তেজেৰে  লুতুৰি-পুতুৰি অৱস্থাত প্ৰত্যক্ষ কৰে ওচৰ চুবুৰীয়াই ৷ কি হৈছে কোনেও ক’ব পৰা নাই ৷ প্ৰাপ্ত খবৰ অনুসৰি, দিনৰ ভাগতে সংঘটিত হৈছিল ঘটনাটো ৷

প্ৰাপ্ত খবৰ অনুসৰি, বুধবাৰে দিনৰ একমান বজাত বনজিৎ দাসৰ ঘৰলৈ বুলি আহিছিল তেওঁৰ ককায়েক ৷ লগত আছিল চালক ৷ কিন্তু গাড়ীৰ পৰা নামি যোৱা নাছিল ককায়েক ৷ চালকেই গৈ মাত দিছিলগৈ বনজিৎ দাসক ৷ সেই সময়তে বনজিৎ দাসৰ মূৰত আৰু পিন্ধি থকা চোলাটোত তেজ লাগি থকা প্ৰত্যক্ষ কৰে ওচৰ চুবুৰীয়াই ৷ ঘটনা ঘটি যোৱাৰ পিচতো কিন্তু বনজিৎ দাসে কাকো সহায়ৰ বাবে মাত দিয়া নাছিল ৷ সেই সময়ত বনজিৎ দাসৰ কন্যাও ঘৰতে আছিল ৷ নাছিল পত্নী ৷ পত্নী নথকাৰ বাবেই তেওঁলোকে ঘৰলৈ সোমাই যাবলৈ দ্বিধাবোধ কৰে বুলি জানিবলৈ দিয়ে সাংবাদিকক ৷ কিন্তু বহু সময়ৰ পাচত বনজিৎ দাসৰ পত্নীৰ ফোন আহে ওচৰ চুবুৰীয়াৰ ঘৰলৈ ৷ পৰিয়ালৰ কাকো ফোনত নাপাই তেওঁ ফোন কৰিছিল ওচৰৰ কাৰোবাৰ ঘৰলৈ ৷ আন্ধাৰ হৈ গৈছিল তেতিয়ালৈ ৷ বনজিৎ দাসৰ ঘৰলৈ গৈ পোহৰ কৰি চোৱাতহে তেওঁক তেজেৰে সৈতে পকাত পৰি থকা প্ৰত্যক্ষ কৰে ওচৰ চুবুৰীয়াই ৷ আনহাতে কন্যা সন্তানক নাকেৰে ফেন ওলোৱা অৱস্থাত বিচনাত পৰি থকা দেখা পায় ৷

পিতৃ-কন্যাক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি এক্সেলকেয়াৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । ইতিমধ্যে এই ৰহস্যজনক ঘটনাটোত সপ্তম শ্ৰেণীৰ ছাত্ৰী দিদিক্ষা দাসৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । আনহাতে মূৰত গুৰুতৰভাৱে আঘাত পোৱা বনজিৎ দাসে এতিয়া মৃত্যুৰ সৈতে যুঁজিছে হাস্পতালৰ বিচনাত । উল্লেখ্য যে, তিনিজনীয়া পৰিয়ালটোৰ বনজিৎ দাসৰ পত্নী নগাঁৱৰ ঘৰলৈ গৈছিল । এই ঘটনাৰ পিচতেই এতিয়া সমগ্ৰ বৰাগাঁৱতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । কোনে কি কাৰণত মাতৃৰ অনুপস্থিতিত কেতিয়া কি কৰিলে সেই কথা এতিয়াও পোহৰলৈ অহা নাই । ঘটনাস্থলীত ইতিমধ্যে গড়চুক আৰক্ষীৰ লগতে মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য ।

লগতে পঢ়ক :  মহানগৰীৰ দক্ষিণগাঁও বালিজানত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

Last Updated : Dec 27, 2023, 10:45 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.