Wood truck seized : ডিৰাক সীমান্তত কাঠভৰ্ত্তি বাহন জব্দ

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 3:55 PM IST

thumbnail

তিনিচুকীয়া, 8 ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাকত ৰাজ্য কপাই যোৱা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই সষ্টম হৈ পৰিছে অসম আৰক্ষী আৰু বন বিভাগ ৷ অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ প্ৰৱেশ কৰা গধুৰ বাহনত  চলাইছে তালাচী অভিযান ৷ আৰক্ষীয়ে আৰু বন বিভাগে যুটীয়াভাৱে চলাইছে এই অভিযান ।

বৰডুমছা আৰক্ষী থানা আৰু খাটাংপানী আঞ্চলিক বন বিষয়াই বৃহস্পতিবাৰৰ নিশা যুটীয়া অভিযান চলাই ডিৰাক সীমান্তত চোৰাং কাঠৰ বিৰুদ্ধে । অভিযানকালত বৃহস্পতিবাৰৰ নিশা জব্দ কৰে দুখনকৈ কাঠভৰ্ত্তি বাহন । জব্দকৃত বাহন দুখনৰ নম্বৰ হ'ল AS 23 AC 9511 আৰু AS 23 AC 5321 ৷ 

বাহন দুখন জব্দ কৰাৰ পাছতে খাটাংপানী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত জব্দ কৰি ৰাখি আৰম্ভ কৰিছে তদন্ত ৷ 

লগতে পঢ়ক: Loksabha election 2024: পুনৰ সক্ৰিয় ৰাজনীতিলৈ আহিব নেকি প্ৰাক্তন অগপ সাংসদ অৰুণ শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.