Express Train Derailed in Buxar : বিশেষ ৰে’লযোগে অসমত উপস্থিত বিহাৰত ৰে’ল দুৰ্ঘটনাগ্ৰস্ত যাত্ৰী

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 8:17 AM IST

thumbnail

বৰপেটাৰোড, 14 অক্টোবৰ : ৰাজ্যলৈ সুকলমে ঘূৰি আহিল বিহাৰৰ ৰঘুনাথপুৰত লাইনচ্যুত হৈ দুৰ্ঘটনা সংঘটিত হোৱা নৰ্থ-ইষ্ট ছুপাৰ ফাষ্ট দিল্লী-কামাখ্যা অভিমুখী এক্সপ্ৰেছৰ শিশু সহ 14 গৰাকী যাত্ৰী ৷ বিহাৰৰ বক্সাৰত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাচত বৃহস্পতিবাৰে নিশা বৰপেটাৰ যাত্ৰীকেইগৰাকীয়ে বৰপেটাৰোড ৰে’ল ষ্টেচনত বিশেষ ৰে’লযোগে আহি উপস্থিত হয় । যাত্ৰীসকলক বৰপেটাৰোড ৰে’লষ্টেচন কৰ্তৃপক্ষই খাদ্য, পানীৰ যোগান ধৰে ।
বৰপেটাৰোড ৰে’ল ষ্টেচনত উপস্থিত হোৱা 14 গৰাকী যাত্ৰীৰ ভিতৰত তিনিগৰাকী আহত যাত্ৰীও আছিল বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাৰ পাচত বিশেষ ৰে’লযোগে বৰপেটাৰোডত আহি উপস্থিত হোৱা যাত্ৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰে’ল বিভাগক বিশেষ ৰে’লৰ ব্যৱস্থা কৰি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
ইতিমধ্যে এই ৰে’ল দুৰ্ঘটনাটোত 5 গৰাকী যাত্ৰী নিহত হৈছে ৷ ইয়াৰে ভিতৰত 2 গৰাকী যাত্ৰী অসমৰ । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.