ETV Bharat / bharat

Express Train Derailed in Buxar : বিহাৰৰ বক্সাৰত লাইনচ্যুত অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ , ৫ গৰাকী যাত্ৰীৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 11:02 AM IST

Updated : Oct 12, 2023, 11:09 AM IST

নিহত যাত্ৰীসকলৰ ২ গৰাকী অসমৰ আছিল । শদিয়াৰ এগৰাকী মহিলা আৰু তেওঁৰ ৮ বছৰীয়া কন্যা নিহত হয় । ৰে'ল বিভাগে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । নিহতৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাও কৰিছে চৰকাৰে ।

Express Train Derailed in Buxar
বিহাৰৰ বক্সাৰত লাইনচ্যুত অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ

বিহাৰৰ বক্সাৰত লাইনচ্যুত অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ

নেশ্যনেল ডেস্ক,১২ অক্টোবৰ : বিহাৰৰ বক্সাৰত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা । দিল্লীৰ পৰা অসম অভিমুখী ৰে'লখন দুৰ্ঘটনাত পতিত হয় । ৰে'ল দুৰ্ঘটনাটোত ৫ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । নিহত যাত্ৰীসকলৰ ২ গৰাকী অসমৰ । আনহাতে ৫০ৰো অধিক যাত্ৰী এই দুৰ্ঘটনাত আহত হৈছে ।

জানিব পৰা মতে বিহাৰৰ বক্সাৰৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপত উত্তৰ-পূব অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে'লখন দুৰ্ঘটনাত পতিত হয় । ৰে'লখনৰ কেইবাটাও ডবা লাইনচ্যুত হয় । দুটা ডবা সম্পূৰ্ণৰূপে বাগৰি যায় বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটোত ৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে যদিও ৪ গৰাকীৰ মৃত্যু নিশ্চিত হৈছে । তাৰ ভিতৰত আছে এগৰাকী মাতৃ আৰু তেওঁৰ ৮ বছৰীয়া কন্যা, আনহাতে বাকী দুজন যুৱক বুলি জানিব পৰা গৈছে ।

নিহত সকলৰ ভিতৰত আছে ৩৩ বৰ্ষীয় ঊষা ভাণ্ডাৰী আৰু ৮ বছৰীয়া কন্যা আকৃতি। দুয়োগৰাকী অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ বাসিন্দা আছিল । মাতৃ-কন্যাৰ লগতে স্বামী আৰু পৰিয়ালৰ লোকসকলে দিল্লীৰ পৰা অসমলৈ যাত্ৰা কৰি আছিল । আন এজন নিহত বিহাৰৰ কিষাণগঞ্জৰ সপ্তেয় বিষ্ণুপুৰৰ বাসিন্দা ২৭ বছৰীয়া জাইদ বুলি চিনাক্ত কৰা হৈছে । চতুৰ্থ জন মৃতকৰ নাম নৰেন্দ্ৰ বুলি জানিব পৰা গৈছে । আনহাতে আহত যাত্ৰীসকলক বক্সাৰ, ভোজপুৰ আৰু পাটনা এইমছত ভৰ্তি কৰোৱা হৈছে ।

এগৰাকী যাত্ৰীৰ মতে এই দুৰ্ঘটনাটো অতি ভয়ংকৰ আছিল । তেওঁ দুৰ্ঘটনাটোৰ ভয়ংকৰ পৰিস্থিতিৰ বৰ্ণনা কৰি কয় যে তেওঁলোকৰ ডবাটোত প্ৰায় ১০০ গৰাকী যাত্ৰী আছিল । কিছুমানে শুবলৈ প্ৰস্তুতি চলাই আছিল । তেতিয়া হঠাতে ৰে'লখন কঁপিবলৈ আৰম্ভ কৰিছিল । সকলো যাত্ৰী তেওঁলোকৰ আসনৰ পৰা বাগৰি পৰিছিল । প্ৰায় ১০ ৰ পৰা ১৫ মিনিটৰ বাবে ৰে'লখনে প্ৰচণ্ড জোৰে কঁপি উঠিছিল । যাত্ৰীসকলে কি হৈছে ধৰিব পৰা নাছিল । কিন্তু পাছত তেওঁলোকে দেখিছিল যে ৰে'লখনৰ ২১ টা ডবা লাইনচ্যুত হৈছিল । আনহাতে দুটা ডবা সম্পূৰ্ণৰূপে উলটি গৈছিল ।

এগৰাকী যাত্ৰীয়ে ভয়ংকৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি কয় যে দুৰ্ঘটনাটোৰ পাছত একাংশ যাত্ৰী তলত পৰি আছিল, কিছুমান খিৰিকীৰ মাজত আৱদ্ধ হৈ আছিল, কিছুমান শৌচালয়ত আৱদ্ধ হৈ আছিল । ইফালে দুৰ্ঘটনাটোৰ পাছতে শ শ স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈছিল আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল ।

ৰে'ল দুৰ্ঘটনাত আহত হোৱা অসমৰ যাত্ৰী আব্দুল মালিকে কয় যে তেওঁক তেওঁৰ আসনৰ তলত সোমাই গৈছিল । বাহিৰলৈ ওলাই আহি তেওঁ দেখিছিল কেনেদৰে ৰে'লখনৰ ডবাবোৰ চাৰিওফালে পৰি আছিল । চাৰিওফালে বহুতো লোকে সহায়ৰ বাবে আগবাঢ়ি আহিছিল । উত্তৰ-পূব অভিমুখী ১২৫০৬ নম্বৰ ৰে'লখনৰ গাৰ্ড বিজয় কুমাৰে কয় যে তেওঁলোকে আসনত বহি কাগজপত্ৰ পৰীক্ষা কৰি আছিল আৰু তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয় । প্ৰথম অৱস্থাত ৰে'লখনত কি হৈছিল তেওঁলোকে একো ধৰিব পৰা নাছিল । ৰে'লখনৰ গতিবেগ প্ৰায় ১০০ কিলোমিটাৰ প্ৰতি ঘণ্টা আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ'ল চালকজনে হে জানিব !

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌবেয়ে এই ৰে'ল দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁৰ মতে প্ৰশাসনৰ লগতে স্থানীয় গাঁওবাসীয়ে যাত্ৰীসকলক যিদৰে সহায় কৰিছিল সেয়া প্ৰশংসনীয় । দুৰ্ঘটনাটো কিয় সংঘটিত হ'ল ৰে'লৱেই অনুসন্ধান কৰি আছে বুলি তেওঁ উল্লেখ কৰে । মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া হ'ব বুলিও তেওঁ ঘোষণা কৰে ।

লগতে পঢ়ক :Bihar Train Accident: অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত, নিহত-৪, আহত অৰ্ধ শতাধিক

Last Updated :Oct 12, 2023, 11:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.