10th All Assam Bhaona Samaroh : 19 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব দশম সদৌ অসম ভাওনা সমাৰোহ

By

Published : Jul 24, 2023, 6:36 PM IST

thumbnail

মাজুলী, 24 জুলাই : দশম সদৌ অসম ভাওনা সমাৰোহৰ বাবে সাজু হৈছে মাজুলীবাসী ৷ 2024 চনৰ 19 জানুৱাৰীৰ পৰা মাজুলীৰ ঐতিহাসিক আউনীআটি মণিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত হ’ব দশম সদৌ অসম ভাওনা সমাৰোহ 2024 ৷ এই ভাওনা সমাৰোহ অনুষ্ঠিত কৰাক লৈ 23 জুলাই অৰ্থাৎ জেওবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ 

বিভিন্ন বৰ্ণিল সংস্কৃতিৰ সমাহাৰ ঘটিব এই ভাওনা সমাৰোহত ৷ এই ভাওনা সমাৰোহত 10  দিনত 20 খন ভাওনা অনুষ্ঠিত হ’ব বুলি জনায় সত্ৰাধিকাৰগৰাকীয়ে ৷ প্ৰথম দিনৰ কাৰ্যসূচীত 2 হাজাৰ মহিলাই একেলগে দিহানাম পৰিৱেশন কৰিব ৷ একেদৰে একেলগে 500 জন সূত্ৰধাৰে নৃত্য পৰিৱেশন কৰিব ৷ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহীসকলে আজি 24 জুলাই পৰা অহা 15 আগষ্টলৈ জমা দিব পাৰিব প্ৰতিযোগিতাৰ বাবে নাটৰ পাণ্ডু লিপি ৷  

উল্লেখযোগ্য যে, মাজুলীৰ ঐতিহাসিক আউনীআটি সত্ৰই প্ৰত্যেক দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰি আহিছে সদৌ অসম ভাওনা সমাৰোহ ৷ যোৱা ভাওনা সমাৰোহত দৰ্শকৰ যথেষ্ট সঁহাৰি পাইছিল আয়োজকসকলে ৷ এই বছৰো দৰ্শকৰ পৰা বিপুল সঁহাৰি আশা কৰিছে আয়োজকসকলে ৷

লগতে পঢ়ক: Delimitation in Assam : উজনি অসমতো এছচিৰ বাবে লোকসভা সমষ্টিৰ দাবী অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.