ETV Bharat / entertainment

২৫ দিনৰ অন্তত অভিনেতা গুৰচৰণ সিঙৰ অনুৰাগীৰ বাবে আহিল ভাল খবৰ - TMKOC Actor Gurucharan Singh

author img

By ANI

Published : May 18, 2024, 11:29 AM IST

TMKOC Actor Gurucharan Singh: তাৰক মেহতা কা উল্টা চশমাৰ জৰিয়তে প্ৰতি ঘৰে ঘৰে বিখ্যাত হোৱা অভিনেতা গুৰচৰণ সিঙৰ অনুৰাগীৰ বাবে এক সকাহৰ খবৰ । 25 দিন ধৰি নিৰুদ্দেশ হৈ থকা গুৰচৰণ সিং অৱশেষত এতিয়া ঘৰলৈ উভতি আহিছে । তেওঁৰ নিৰুদ্দেশৰ ৰিপৰ্ট দাখিল কৰা হৈছিল যদিও তেওঁৰ কোনো শুংসূত্ৰ বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাছিল আৰক্ষী ।

Missing actor Gurucharan Singh of 'Taarak Mehta...' fame returns home
২৫ দিনৰ অন্তত অভিনেতা গুৰচৰণ সিঙৰ অনুৰাগীৰ বাবে আহিল ভাল খবৰ (ETV BHARAT ENGLISH)

চিটাৰা ডেস্ক, 18 মে’: জনপ্ৰিয় হাস্যকৰ ধাৰাবাহিক ‘তাৰক মেহতা কা উল্টা চশমা’ত ৰোশন সিং সোধিৰ চৰিত্ৰত অভিনয় কৰা গুৰুচৰণ সিঙৰ বিষয়ে আহিছে এটা ভাল খবৰ ৷ 25 দিন নিৰুদ্দেশ হৈ থকাৰ অন্তত অৱশেষত তেওঁ ঘৰলৈ উভতি আহিছে ৷

গুৰুচৰণ সিং ঘৰলৈ উভতি আহিল

22 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছিল অভিনেতা গুৰুচৰণ সিং ৷ তেওঁৰ নিৰুদ্দেশৰ ৰিপৰ্টো দাখিল কৰা হয় ৷ কেইবাদিনো নিৰুদ্দেশ হোৱাৰ পিছত অৱশেষত তেওঁ নিজেই ঘৰলৈ উভতি আহে ৷ উভতি অহাৰ লগে লগে গুৰুচৰণক আৰক্ষীয়ে জেৰা কৰে ৷ আৰক্ষীয়ে সোধাত তেওঁ কয় যে তেওঁ ঘৰৰ পৰা ওলাই পৃথিৱীৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় যাত্ৰালৈ ৰাওনা হৈছিল ৷

গুৰুচৰণ সিঙে কয় যে তেওঁ অমৃতসৰ, লুধিয়ানাৰ দৰে বহু চহৰৰ গুৰুদ্বাৰাত বাসস্থান কৰিছিল ৷ তাত কেইবাদিনো থকাৰ পিছত তেওঁ বুজি পালে যে এতিয়া ঘৰলৈ উভতি যাব লাগে ৷ গতিকে বৰ্তমান তেওঁ ঘৰলৈ উভতি আহে ৷

তেওঁৰ নিৰুদ্দেশৰ খবৰ আহিছিল ২৬ এপ্ৰিলত

বিগত 22 এপ্ৰিলত গুৰুচৰণ সিং মুম্বাইলৈ যাবলৈ দিল্লীৰ ঘৰৰ পৰা ৰাওনা হৈছিল ৷ কিন্তু তেওঁ বিমানবন্দৰলৈ গৈ নাপালে ৷ 26 এপ্ৰিলত তেওঁৰ নিৰুদ্দেশৰ কথা পোহৰলৈ আহে ৷ গুৰুচৰণ সিঙৰ বিৰুদ্ধে পালাম থানাত আই পি চিৰ ৩৬৫ ধাৰাত গোচৰ ৰুজু কৰা হয় ৷

আৰক্ষীৰ তদন্তত জানিব পৰা গৈছে যে বিগত 22 এপ্ৰিলৰ নিশা 9.22 বজাত সিঙৰ ম’বাইল ফোনটো বন্ধ হৈ আছিল ৷ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ততো গুৰুচৰণ সিঙে নগদ ধনৰ বহু লেনদেন কৰা বুলি জানিব পৰা গৈছে ৷ 7000 টকাৰ লেনদেন কৰিছিল ৷ তেওঁ একাধিক লেনদেন কৰাৰ তথ্যও প্ৰকাশ পাইছিল ৷ কিন্তু ইয়াৰ পিচতো আৰক্ষীয়ে তেওঁৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল ৷

লগতে পঢ়ক: নিৰুদ্দেশ ‘‘তাৰক মেহতা কা উল্টা চশমা’’ৰ জনপ্ৰিয় অভিনেতা; অপহৰণৰ অভিযোগ পৰিয়ালৰ - Actor Allegedly Kidnapped

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.