ETV Bharat / state

Delimitation in Assam : উজনি অসমতো এছচিৰ বাবে লোকসভা সমষ্টিৰ দাবী অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

author img

By

Published : Jul 24, 2023, 4:57 PM IST

উজনি অসমত অনুসূচিত জাতিৰ বাবে সংসদীয় সমষ্টি সংৰক্ষণৰ দাবী অনুসূচিত জাতি ছাত্ৰ সন্থাৰ । ৰাজ্যত অনুসূচিত জাতিৰ বাবে লোকসভাৰ এখন আসন সংৰক্ষণৰ প্ৰস্তাৱ দিয়াক লৈ অনুসূচিত জাতি ছাত্ৰ সন্থাই অসন্তুষ্টি প্ৰকাশ কৰে । লগতে লোকসভা সমষ্টিৰ দুখন আসন সংৰক্ষণ দাবী কৰে অনুসূচিত জাতি ছাত্র সন্থাই ।

Delimitation in Assam
Delimitation in Assam

উজনি অসমত এছ চি সমষ্টি দাবী অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

বিশ্বনাথ, ২৪ জুলাই : ৰাজ্যৰ ৰাজনীতিত এতিয়া সঘনাই চৰ্চা চলি আছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো । বিগত ১১ জুলাইত ২০০১ৰ লোকপিয়ল অনুসৰি ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ খচৰা প্ৰকাশ কৰাৰ পিছতে ৰাজ্যৰ ৰাজনীতি অধিক গৰম হোৱা দেখা গৈছে । উল্লেখযোগ্য যে ৰাজ্যখনৰ সকলো বিধানসভা আৰু সংসদীয় সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে এই খচৰা প্ৰকাশ কৰিছিল নিৰ্বাচন আয়োগে । লগতে লোকপিয়ল আয়ুক্তই প্ৰকাশ কৰা অনুসৰি, ২০০১ৰ লোকপিয়লৰ পৰিসংখ্যা এই উদ্দেশ্যে বিবেচনা কৰা কথাও প্ৰকাশ কৰিছিল ।

আনহাতে, অসমৰ বিধানসভা আৰু লোকসভাৰ আসনৰ সংখ্যা ক্ৰমে ১২৬ আৰু ১৪ টায়ে থাকিব বুলিও উল্লেখ কৰিছিল । ১৭০ আৰু ৮২ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে ২০২৬ৰ পাছৰ প্ৰথম লোকপিয়লৰ প্ৰাসংগিক পৰিসংখ্যা উপলব্ধ নোহোৱালৈকে প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ আসন আৰু লোকসভাৰ আসন আবণ্টনৰ সংখ্যা সলনি কৰা নহ’ব । আনহাতে, ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টিৰ আসনৰ ভিতৰত অনুসূচিত জনজাতিৰ বাবে ১৯ খন আসন সংৰক্ষণৰ ব্যৱস্থা আৰু লোকসভাৰ ১৪ খন আসনৰ ভিতৰত অনুসূচিত জনজাতিৰ বাবে ২ খন আসন সংৰক্ষণৰ প্ৰস্তাৱ দিয়া হৈছিল ।

একেদৰে ১২৬ খন বিধানসভা আসনৰ ভিতৰত ৯ খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থাৰ লগতে নামনি অসমত লোকসভাত সমষ্টিৰ বাবে অনুসূচিত জাতিৰ বাবে ১ খন আসন সংৰক্ষণৰ প্ৰস্তাৱ দিয়াৰ কথা ঘোষণা কৰিছিল ভাৰতীয় নিৰ্বাচন আয়োগে । ইফালে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাখনৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল-সংগঠন তথা ৰাজনৈতিক দলৰ পৰা মতামত বিচাৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা দল যোৱা ২০ জুলাইত অসমত উপস্থিত হৈ মতামত গ্ৰহণ কৰে ।

ইফালে ভাৰতীয় নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিবলৈ ২০ জুলাইত উপস্থিত হয় সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ লগতে জাতি-জনগোষ্ঠীৰ বিষয়ববীয়াসকল । আনহাতে, ৰাজ্যত অনুসূচিত জাতিৰ বাবে লোকসভাৰ এখন আসন সংৰক্ষণৰ প্ৰস্তাৱ দিয়াক লৈ অনুসূচিত জাতি ছাত্ৰ সন্থাই অসন্তুষ্টি প্ৰকাশ কৰে ।

অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত ৯ টাকৈ বিধানসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ যি প্ৰস্তাৱ দিছে, সেই প্ৰস্তাৱ বাহাল ৰখাৰ লগতে লোকসভা সমষ্টিৰ এখন আসনৰ পৰিৱৰ্তে দুখন আসন সংৰক্ষণ দাবী কৰে অনুসূচিত জাতি ছাত্র সন্থাই । ইফালে একমাত্ৰ নামনি অসমতে লোকসভা সমষ্টিৰ এখন আসনৰ প্ৰস্তাৱ দিয়াৰ সলনি উজনি অসমৰ বাবেও আৰু এটা লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় অনুসূচিত জাতি ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বিপুল হীৰাই ।

লগতে পঢ়ক :Harassment of students: ‘‘গাত দোষ নাই; বলি হ’ল গভীৰ ষড়যন্ত্ৰৰ’’; গ্ৰেপ্তাৰৰ পিচত মন্তব্য হেমন্ত শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.