ছবিগৃহৰ বাহিৰত প্ৰভাসৰ অনুৰাগীৰ ভিৰ, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠিচালনা আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 12:31 PM IST

thumbnail

চিটাৰা ডেস্ক, ২২ ডিচেম্বৰ : আজি ছবিগৃহত মুক্তি লাভ কৰিছে দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাস অভিনীত বহু প্ৰত্যাশিত ছবি ‘Salaar: Part 1 – Ceasefire’ ৷ মুক্তিৰ পূৰ্বেই এই ছবিখনক লৈ অনুৰাগীৰ মাজত দেখা পোৱা গৈছিল ব্যাপক উন্মাদনা আৰু সেয়া গম পোৱা গৈছিল অগ্ৰিম বুকিঙৰ পৰা ৷ ইফালে আজি মুক্তিৰ লগে লগে অনুৰাগীয়ে উৎসৱৰ দৰে উদযাপন কৰিছে প্ৰভাসৰ এই ছবিখনক ৷  

প্ৰভাসৰ গৃহ চহৰ হায়দৰাবাদত অনুৰাগীৰ উন্মাদনা এক প্ৰকাৰে তুংগত উঠিছে । চিনেমাহলৰ বাহিৰত সমবেত হৈছে প্ৰভাসৰ হাজাৰ হাজাৰ অনুৰাগী ৷ কিন্তু একক পৰ্দাৰ ছবিগৃহৰ চাৰিওফালে হোৱা উদযাপন আৰক্ষীৰ বাবে প্ৰত্যাহ্বানলৈ পৰিণত হয় ৷ কাৰণ অনুৰাগীয়ে মাজ নিশা ১:০০ বজাৰ পৰাই ছবিগৃহসমূহৰ বাহিৰত ভিৰ কৰেহি ৷ গতিকে হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ নিয়ন্ত্ৰণ কৰা এক প্ৰকাৰে প্ৰত্যাহ্বান হৈ পৰে আৰক্ষীৰ বাবে ৷

দৰাচলতে অনুৰাগীয়ে হায়দৰাবাদৰ আৰ টি চি এক্স ৰোডছৰ জনপ্ৰিয় সন্ধ্যা থিয়েটাৰত কনচাৰ্টৰ দৰে ৰাজহুৱা উদযাপনৰ ব্যৱস্থা কৰে । যাৰ বাবে উপায় বিহীন হৈ আৰক্ষীয়ে লাঠী চাৰ্জৰ আশ্ৰয় ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় । পুৱা ১ বজাৰ শ্ব’ৰ বাবে অনুৰাগীয়ে ভিৰ কৰে ৷ যাৰ ফলত থিয়েটাৰ চৌহদৰ বাহিৰত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় ।

উল্লেখ্য যে, ছালাৰ বিশ্বজুৰি তেলুগু, তামিল, হিন্দী, কানাড়া আৰু মালয়ালম ভাষাত মুক্তি লাভ কৰিছে । এই ছবিখনত প্ৰভাসৰ উপৰিও শ্ৰুতি হাছান আৰু পৃথ্বীৰাজ সুকুমাৰনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

লগতে পঢ়ক : ছবিগৃহত মুকলি প্ৰভাসৰ ছালাৰ, ছালাৰ চাই অনুৰাগীয়ে ক’লে এই কথা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.