ETV Bharat / entertainment

ছবিগৃহত মুকলি প্ৰভাসৰ ছালাৰ, ছালাৰ চাই অনুৰাগীয়ে ক’লে এই কথা

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 10:55 AM IST

Salaar Twitter Review: প্ৰভাসৰ ‘ছালাৰ’ ছবিখন মুক্তি পোৱাৰ লগে লগে ছবিগৃহত আলোড়নৰ সৃষ্টি কৰিছে । ছ’চিয়েল মিডিয়াত ছবিখনক লৈ ব্যাপক প্ৰশংসা কৰা হৈছে আৰু দৰ্শকে ছবিখনক ব্লকবাষ্টাৰ চিনেমা বুলি অভিহিত কৰিছে ।

Salaar X reactions: Prabhas fans give thumbs up to Prashanth Neel's actioner as film opens amid fanfare
দৰ্শকে কেনে পালে ছালাৰ

চিটাৰা ডেস্ক, ২২ ডিচেম্বৰ: প্ৰশান্ত নীল পৰিচালিত প্ৰভাস অভিনীত ছবি ‘Salaar Part 1 - Ceasefire’ৰ আজি চিনেমাগৃহত মুক্তি লাভ কৰিছে ৷ মুক্তিৰ লগে লগে অনুৰাগীৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিছে ছবিখনে । ছবিখনৰ কাহিনী দুজন বন্ধুৰ আধাৰত নিৰ্মিত, যি পিচলৈ তেওঁলোকৰ নৈতিকতা আৰু মূল্যবোধৰ মিল নোহোৱাত ইজনে সিজনৰ শত্ৰু হৈ পৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ছবিখনৰ প্ৰথম দিনাৰ প্ৰথম শ্ব’ পুৱা ১ বজাৰ পৰা আৰম্ভ হৈছিল আৰু সকলো বিশেষ শ্ব’ পুৱা ৩ আৰু ৪ বজাত চিনেমাগৃহত প্ৰদৰ্শিত হৈছে । ছবিখনে দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছে । ইয়াৰ লগতে ছ’চিয়েল মিডিয়াত ছবিখনৰ সন্দৰ্ভত দৰ্শকে নিজৰ মতামতো শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছে । গতিকে জানো আহক প্ৰভাসৰ ছালাৰ কেনেকুৱা পালে দৰ্শকে ৷

ছালাৰে ছ’চিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক প্ৰশংসা

অৱশেষত মুক্তি লাভ কৰিছে ‘ছালাৰ: পাৰ্ট ১ – ছিজফাইৰ’ । মুকলিৰ লগে লগে ছবিখনে জয় কৰিছে দৰ্শকৰ মন । ছবিখনৰ প্ৰথম দিনাৰ প্ৰথম শ্ব’ চোৱা লোকসকলে এতিয়া ছ’চিয়েল মিডিয়াত ছবিখনৰ ৰিভিউ শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছে । বহু ব্যৱহাৰকাৰীয়ে ইয়াক অভিনেতাজনৰ ‘সৰ্ববৃহৎ’ কামবেক বুলি অভিহিত কৰাৰ লগতে ছবিখনক ‘সকলোৱে চাব লাগে’ বুলিও কৈছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "এইখন এখন ব্লকবাষ্টাৰ চিনেমা, প্ৰভাসৰ অভিনয় অতি সুন্দৰ আছিল, শ্ব’ আৰু পৰিচালনা শীৰ্ষ পৰ্যায়ৰ, ব্লকবাষ্টাৰ চিনেমা, দ্য ৰেবেল ইজ বেক । চুনামীৰ সৃষ্টি কৰিব ছবিখনে ।"

আন এজনে লিখিছে, ‘‘চিনেমা সৰ্বোত্তম ৰূপত, সঁচাকৈয়ে এই চিনেমাখন এক একচন মাষ্টাৰপিছ । ছালাৰৰ মনোভাৱ, শৈলী, একচন, সংলাপ আৰু প্ৰভাসৰ তাৰকা অভিনয়ে দৰ্শকক ব্যাপক মনোৰঞ্জন দিছে ৷’’

আন বহু লোকেও ছবিখনৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গৈছে ।

‘ছালাৰ’ বিশ্বজুৰি তেলুগু, তামিল, কানাড়া, হিন্দী আৰু মালয়ালম ভাষাত মুক্তি লাভ কৰিছে । এই ছবিখনত প্ৰভাস, শ্ৰুতি হাছান আৰু পৃথ্বীৰাজ সুকুমাৰনে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । অগ্ৰিম বুকিঙত ইতিমধ্যেই ৪৫ কোটিতকৈ অধিক ধন সংগ্ৰহ কৰা ছবিখনে প্ৰথম দিনাই ৯৫ কোটি টকা উপাৰ্জন কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: বক্স অফিচত উপাৰ্জনৰ সকলো অভিলেখ ভংগ কৰিব প্ৰভাস অভিনীত ছালাৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.