Draupodi Murmu Assam Visit : ৰাষ্ট্ৰপতিৰ আগমনৰ পৰিপ্ৰেক্ষিতত যান-বাহন চলাচলত নিয়ন্ত্ৰণ

By

Published : Apr 6, 2023, 3:55 PM IST

thumbnail

কলিয়াবৰ, ৬ এপ্ৰিল : ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিছে (President Droupodi Murmu Assam visit) । ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন স্থানত যান-বাহনৰ যাতায়াতত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে (traffic control for presidents Assam visit) ।

বিশেষকৈ ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণসূচীৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰ তিনিআলিৰ পৰা উজনিলৈকে গধুৰ যান-বাহনৰ যাতায়াত বন্ধ কৰাৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰ তিনিআলিত আবদ্ধ হৈ পৰিছে বহুতো যান-বাহন । ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণৰ কাৰণে কলিয়াবৰ তিনিআলিত মহকুমা প্ৰশাসনৰ বিশেষ তদাৰকত আবদ্ধ হৈ পৰিছে শতাধিক ট্ৰাক ।

তেজপুৰ আৰু নগাঁৱৰ দিশৰ পৰা অহা গধুৰ যান-বাহনে ভিৰ কৰিছে কলিয়াবৰ তিনিআলিত । উল্লেখযোগ‍্য যে ২০২৩ চনৰ ৭ এপ্ৰিলত ৰাষ্ট্ৰপতিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হস্তী মহোৎসৱ-২০২৩ উদ্বোধন কৰিব (Draupodi Murmu in Kaziranga Elephant Festival 2023) । ইয়াৰ পিছত গুৱাহাটীত তেওঁ কাঞ্চনজংঘা পৰ্বত অভিযান-২০২৩-ৰ শুভাৰম্ভ কৰিব । একেদিনাই তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানতো উপস্থিত থাকিব (platinum Jubilee of Gauhati High Court) ।

আনহাতে, ৮ এপ্ৰিলত ৰাষ্ট্ৰপতিগৰাকীয়ে তেজপুৰ বায়ুসেনা আস্থানত ছুখই ৩০ এমকেআই যুঁজাৰু বিমানৰ এক উৰাণত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :No Drone Fly Zone : ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ আগমন, কামৰূপ মহানগৰ জিলাত ড্ৰোণ উৰণ নিষিদ্ধ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.