ETV Bharat / state

No Drone Fly Zone : ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ আগমন, কামৰূপ মহানগৰ জিলাত ড্ৰোণ উৰণ নিষিদ্ধ

author img

By

Published : Apr 6, 2023, 11:22 AM IST

দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ গুৱাহাটী আগমনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাক ড্ৰোণ উৰণ নিষিদ্ধ এলেকা ঘোষণা । অহা ৬ এপ্ৰিলৰ পৰা ৮ আৰু ১৩-ৰ পৰা ১৪ এপ্ৰিললৈকে জিলাখনত ড্ৰোণ উৰণ নিষিদ্ধ অঞ্চল ঘোষণা কৰা হৈছে (Kamrup Metro declared no drone fly zone)।

No Drone Fly Zone
No Drone Fly Zone

গুৱাহাটী, ৬ এপ্ৰিল : অহা ৬ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু (President Draupodi Murmu Assam visit) । আনহাতে, অহা ১৩ এপ্ৰিলত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi Assam visit) । দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ এই আগন্তুক গুৱাহাটী ভ্ৰমণৰ পৰিপেক্ষিতত কামৰূপ মহানগৰত দ্ৰোণ উৰণ নিষিদ্ধ কৰা হৈছে ।

অহা ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ আৰু ১৩ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ কামৰূপ মহানগৰ জিলাক ড্ৰোণ উৰণ নিষিদ্ধ এলেকা (No Drone Fly Zone) হিচাপে ঘোষণা কৰা হৈছে ৷ এই সন্দৰ্ভত মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে এক নিৰ্দেশ জাৰি কৰে (Kamrup Metro declared no drone fly zone) ৷

উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে ৬ এপ্ৰিলত কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মু । আনহাতে, ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুৰ এয়া দ্বিতীয়টো অসম ভ্ৰমণ । ৬ আৰু ৭ এপ্ৰিলত কাজিৰঙাত আয়োজন কৰা গজ মহোৎসৱত অংশগ্ৰহণৰ বাবে অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু (Kaziranga Elephant Festival 2023) । লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু হাতী ছাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ্য উপভোগ কৰিব ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মুৱে ।

ইফালে অহা ১৪ এপ্ৰিলত ব'হাগ বিহু উপলক্ষে অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ'ব এক মেগা অনুষ্ঠান । উল্লেখ্য, অসমৰ বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত আয়োজন কৰা হৈছে বিশ্ব ৰেকৰ্ডছৰ এক অনুষ্ঠান (Bihu world records programme) । ১৪ এপ্ৰিলত অসম চৰকাৰে আয়োজন কৰিছে বিহুক গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত প্ৰতিষ্ঠা কৰাবৰ বাবে এই অনুষ্ঠান । দহ সহস্ৰাধিক নাচনী আৰু বিহুৱাৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'ব এই অুষ্ঠান ।

এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব । আনহাতে, প্ৰধানমন্ত্ৰীয়ে চাংসাৰিত স্থাপিত এইমছো জনসাধাৰণৰ সেৱাৰ বাবে অনুষ্ঠানিকভাৱে মুকলি কৰিব । যাৰ বাবে জিলা প্ৰশাসনে কামৰূপ মহানগৰ জিলাক ড্ৰোণ উৰণ নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰিছে ।

লগতে পঢ়ক :Droupadi Murmu Assam visit: আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.