ETV Bharat / bharat

Droupadi Murmu Assam visit: আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

author img

By

Published : Apr 6, 2023, 7:35 AM IST

Updated : Apr 6, 2023, 9:27 AM IST

Droupadi Murmu Assam visit
আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু ৷ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ ৰাষ্ট্ৰপতিৰ আগমনক লৈ কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা (Droupadi Murmu Assam visit) ৷

নেশ্যনেল ডেস্ক, 6 এপ্ৰিল : আজি অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰতি দ্ৰৌপদী মূৰ্মু (President Droupadi Murmu) ৷ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতিগৰাকী ৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা এই ভ্ৰমণসূচী ৰাষ্ট্ৰপতিগৰাকীয়ে সামৰিব 8 এপ্ৰিল তাৰিখে (Droupadi Murmu Assam visit) ৷

উল্লেখ্য যে, 8 এপ্ৰিল তাৰিখে তেজপুৰ বায়ু সেনা চাউনীত চুখয়-30 এমকেআই যুঁজাৰু বিমানত উঠি কিছু সময়ৰ বাবে চফৰ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে (Murmu to fly in Sukhoi 30 MKI) ৷ আনহাতে 7 এপ্ৰিলত ৰাষ্ট্ৰপতিগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গজ উৎসৱ-2023 উদ্বোধন কৰিব (Gaj Utsav 2023 at the Kaziranga National Park) ৷

ইয়াৰ পাচতেই ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাটীত উদ্বোধন কৰিব কাঞ্চনজংঘা পৰ্বত অভিযান-2023 (Mount Kanchenjunga Expedition 2023) ৷ সেই দিনাই ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 75 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠানতো অংশ গ্ৰহণ কৰিব ৷ উল্লখ্য যে, সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী (Guwahati High court platinum jubilee) ৷

লগতে পঢ়ক: Assam Rhino killing incident: আকৌ গঁড়ৰ চোৰাং চিকাৰ; বাগৰিত খৰ্গবিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ

ৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্ৰমণৰ বাবে ইতিমধ্যেই সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ ইফালে, ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে কাজিৰঙাত জাৰি কৰা হৈছে 144 ধাৰা (Droupadi Murmu to visit Kaziranga) ৷ সমান্তৰালভাৱে ব্যাপক তৎপৰ হৈ পৰিছে প্ৰশাসন ৷ কঁহৰা চাৰিআলিৰ পৰা হাতীখুলী আউতলেটলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে ৷

গুৱাহাটী মহাগৰীতো প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা ৷ 6 এপ্ৰিলৰ পৰা 8 এপ্ৰিললৈকে গুৱাহাটীত ড্ৰোণ উৰুৱাত জাৰি কৰা হৈছে নিষেধাজ্ঞা (No Drone Fly Zone)৷ সমান্তৰালভাৱে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

লগতে পঢ়ক: Police officer caught taking bribe: এইবাৰ উৎকোচ লৈ জালত পৰিল স্বয়ং আৰক্ষী উপ-পৰিদৰ্শক

Last Updated :Apr 6, 2023, 9:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.