ETV Bharat / state

Police officer caught taking bribe: এইবাৰ উৎকোচ লৈ জালত পৰিল স্বয়ং আৰক্ষী উপ-পৰিদৰ্শক

author img

By

Published : Apr 6, 2023, 6:43 AM IST

Updated : Apr 6, 2023, 6:54 AM IST

এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আৰক্ষী বিষয়া (Police officer caught taking bribe) ৷ নগাঁও সদৰ থানাৰ এগৰাকী উপ-পৰিদৰ্শকক বুধবাৰে নিশা আটক কৰে দুৰ্নীতি নিবাৰক শাখাই ৷ 15 হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে আটক কৰে আৰক্ষী বিষয়াজনক (SI detained in Nagaon) ৷

Bribery Charges
এইবাৰ উৎকোচ লৈ জালত পৰিল স্বয়ং আৰক্ষী উপ-পৰিদৰ্শক

এইবাৰ উৎকোচ লৈ জালত পৰিল স্বয়ং আৰক্ষী উপ-পৰিদৰ্শক

নগাঁও, 6 এপ্ৰিল: চৰকাৰী ধনৰেও খঁক নপলায় একাংশ বিষয়া-কৰ্মচাৰীৰ ৷ ৰাজ্যজুৰি দুৰ্নীতিগ্ৰস্ত চৰকাৰী-বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত থকাৰ পাচতো গা-লৰা নাই একাংশৰ ৷ এইবাৰ নগাঁৱত উৎকোচ লৈ জালত পৰিল দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়া (Police officer caught taking bribe) ৷

বুধবাৰে নিশা দুৰ্নীতি নিবাৰক শাখাই আটক কৰিলে নগাঁও সদৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক সুৰুজ উল হকক ৷ তথ্য অনুসৰি 15 হাজাৰ টকাৰ উৎকোচ লৈছিল খঁকোৱা উপ-পৰিদৰ্শক সুৰুজ উল হকে ৷ নগাঁও আৰক্ষী ছাউনীত থকা চৰকাৰী আবাসত উৎকোচ লৈছিল আৰক্ষী বিষয়া সুৰুজ উল হকে ৷ 15 হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতে-লোটে আটক কৰে দুৰ্নীতি নিবাৰক শাখাই (SI detained over bribery charge) ৷

জানিব পৰা মতে অৱসৰ গ্ৰহণৰ বাবে মাত্ৰ এটা মাহ আছিল সুৰুজ উল হকৰ ৷ অৱসৰ গ্ৰহণৰ পূৰ্বে সহজ উপায়েৰে ধন ঘটাৰ প্ৰচেষ্টা চলাইছিল এইগৰাকী আৰক্ষী বিষয়াই ৷ কিন্তু ধন ঘটাৰ জাল পেলাই নিজেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে আৰক্ষী বিষয়াজনে ৷

উৎকোচ গ্ৰহণৰ সময়ত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাই আটক কৰাৰ পাচতেই সুৰুজ উল হকক বুধবাৰে নিশা দীৰ্ঘ সময় ধৰি জেৰা চলায় দুৰ্নীতি নিবাৰক শাখাইৰ দলটোৱে ৷ দীঘলীয়া জেৰাৰ অন্তত পুৱতি নিশা আটকাধীন আৰক্ষী বিষয়া সুৰুজ উল হকক লগত লৈ গুৱাহাটী অভিমুখে ৰাওনা হয় অভিযানকাৰী দুৰ্নীতি নিবাৰক শাখাৰ দলটো (Police personal detained for accept bribe) ৷

উল্লেখ্য যে, উৎকোচ গ্ৰহণ কৰি সঘনাই দুৰ্নীতি নিবাৰক শাখা আৰু মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জালত পৰিছে চৰকাৰী বিষয়া-কৰ্মচাৰী ৷ কিন্তু যেন একাংশ বিষয়া-কৰ্মচাৰীয়ে শিক্ষাই লোৱা নাই ৷ কিছুদিন পূৰ্বে উৎকোচ লৈ গুৱাহাটীত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছিল গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা ৷

ইফালে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইয়ো দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচৰাকীক সকীয়নি প্ৰদান কৰি আহিছে ৷ কিন্তু মুখ্যমন্ত্ৰীৰ সকীয়নিকো যেন কেৰেপ নকৰে একাংশই ৷

লগতে পঢ়ক: Anti corruption Raid: গুৱাহাটীত উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল জলসিঞ্চন বিভাগৰ জ্যেষ্ঠ সহায়ক

Last Updated :Apr 6, 2023, 6:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.