ETV Bharat / state

Anti corruption Raid: গুৱাহাটীত উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল জলসিঞ্চন বিভাগৰ জ্যেষ্ঠ সহায়ক

author img

By

Published : Feb 6, 2023, 9:42 PM IST

Updated : Feb 6, 2023, 10:23 PM IST

Anti corruption Raid
গুৱাহাটীত উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল জলসিঞ্চন বিভাগৰ জ্যেষ্ঠ সহায়ক

উৎকোচ লৈ হাতেলোটে ধৰা পৰিল গুৱহাটীৰ জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক ৷ দীপ বনিয়া নামৰ কৰ্মচাৰীগৰাকীয়ে লৈছিল 2000 টকাৰ উৎকোচ ৷ সোমবাৰে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে দীপ বনিয়াক ৷

গুৱাহাটী, 6 ফেব্ৰুৱাৰী: চৰকাৰী ধনেৰেও খঁক নপলায় একাংশ বিষয়া-কৰ্মচাৰীৰ ৷ এইবাৰ পুনৰ উৎকোচ লৈ হাতেলোটে ধৰা পৰিল গুৱাহাটীৰ চানমাৰিত থকা জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ(Office of the Chief Engineer Irrigation Department) এগৰাকী জ্যেষ্ঠ সহায়ক ৷ পেঞ্চন গোচৰৰ প্ৰক্ৰিয়াকৰণৰ বাবে 2,000 টকা উৎকোচ দাবী কৰিছিল জ্যেষ্ঠ সহায়কগৰাকীয়ে (Irrigation Department Senior Assistant arrested) ৷

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰি বিভিন্ন চৰকাৰী বিভাগত দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী তদাৰকী শাখা আৰু দুৰ্নীতি নিবাৰক শাখাই(Directorate of Vigilance and Anti Corruption) ৷ কিন্তু তাৰ পাচতো যেন গা লৰা নাই একাংশৰ ৷ উৎকোচ ন’হলে কামেই কৰিব নুখুজে একাংশ বিষয়া-কৰ্মচাৰীয়ে ৷

উল্লেখ্য যে, সোমবাৰে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দীপ বনিয়া (Deep Bania arrested for accept bribe) নামৰ চানমাৰিত থকা জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়কগৰাকী ৷ জলসিঞ্চন বিভাগৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি প্ৰাপ্য পেঞ্চনৰ বাবে হাবাথুৰি খায় থকা এগৰাকী জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰা বনিয়াই দাবী কৰিছিল উৎকোচ ৷ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনৰ পৰা তেওঁৰ পেঞ্চন গোচৰৰ প্ৰক্ৰিয়াকৰণৰ বাবে দাবী কৰিছিল 2,000 টকা ৷

লগতে পঢ়ক: Complaint against Goalpara district jail authorities: ধন দিলেহে অভিভাৱকে লগ কৰিব পাৰে কয়দীক !

কিন্তু উৎকোচ দিবলৈ অমান্তি হৈ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰাকীয়ে জ্যেষ্ঠ সহায়ক দীপ বানিয়াৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা লোৱাৰ বাবে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ কাষচাপে।

তেওঁৰ অভিযোগৰ ভিত্তিতে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে গুৱাহাটীৰ চানমাৰিত থকা জলসিঞ্চন বিভাগৰৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত জাল পেলাইছিল সোমবাৰে(Anti corruption raid in Guwahati irrigation office) । অৱশেষত সোমবাৰে দিনৰ 2 বজাত উৎকোচ লোৱা দীপ বনিয়াক হাতেলোটে ধৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে(DGP GP Singh) টুইটযোগে সদৰী কৰিছে এই তথ্য ৷

এই সন্দৰ্ভত এ চি বি আৰক্ষীয়ে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত দীপ বনিয়াৰ বিৰুদ্ধে 03/2023 নম্বৰত ৰুজু কৰিছে গোচৰ ৷ দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ তথা প্ৰশাসনৰ কঠোৰ স্থিতি লোৱাৰ পাচতো বিভিন্ন বিভাগত বৰ্তমানেই এইদৰেই অব্যাহত আছে দুৰ্নীতি আৰু অনিয়ম ৷

লগতে পঢ়ক: Teenage Pregnancy Ratio in Assam: উদ্বেগজনক ! কিশোৰী গৰ্ভৱতী হোৱা তথ্যই কঁপাইছে ৰাজ্য

Last Updated :Feb 6, 2023, 10:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.